ETV Bharat / state

Jal Jeevan Mission: বিহালীত ৭ মাহে বিকল পানী যোগান আচঁনি

author img

By

Published : Jul 2, 2023, 3:58 PM IST

Poor water supply scheme in Bihali
বিশুদ্ধ পানীৰ বাবে হাহাকাৰ

জল জীৱন মিছনৰ আচঁনি আছে যদিও নাই পানী । এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে এখন গাঁৱৰ ৰাইজে । জল জীৱন আচঁনিৰ কাম নিম্নমানৰ হোৱাৰ অভিযোগ ভুক্তভোগীৰ ।

বিশুদ্ধ পানীৰ বাবে হাহাকাৰ

বিশ্বনাথ, ২ জুলাই: জল জীৱন মিছনৰ জৰিয়তে ২০২৪ৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ ২০২৪ চনলৈ আৰু মাত্ৰ পাঁচ মাহ আছে যদিও বহু ঠাইত ৰাইজে এতিয়াও এটুপী খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷

'ঘৰে ঘৰে নল, ঘৰে ঘৰে জল' আছে যদিও বহু ঠাইত এতিয়া কেৱত নলহে আছে, নাই জল । বিশ্বনাথ ইয়াৰ জ্বলন্ত উদাহৰণ ৷ বিশেষকৈ বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ঠাণ্ডা পানী, কাজিয়ামাটি আদি গাঁওসমূহত এতিয়াও আদিম যুগৰ দৰে নিত্য প্ৰয়োজনীয় পানীখিনিও গাঁত খান্দি অথবা নিজৰাৰ পৰা সংগ্ৰহ কৰিব লগা হৈছে ।

ইফালে, শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে উল্লেখ কৰা মতে, বিহালী সমষ্টিৰ প্ৰায় ৯৩ টা জল জীৱন মিছনৰ আঁচনিৰ নিৰ্মাণকাৰ্য তীব্ৰ গতিত চলি আছে । ইতিমধ্যে এই আচঁনিৰ জৰিয়তে জনসাধাৰণলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ কাম আৰম্ভ কৰিছে বিশ্বনাথ মহকুমা জন স্বাস্থ্য কাৰিকৰী বিভাগে । কিন্তু ইয়াৰ মাজতে দেখা গৈছে জল জীৱন আচঁনিৰ অন্তৰ্গত বহু প্ৰকল্প আছে, কিন্তু নাই বিশুদ্ধ খোৱা পানী । ক'ৰবাত যদি নাই কৰ্মচাৰী আকৌ ক'ৰবাত বিকল হৈ পৰি আছে আচঁনিখন ৷ যাৰ ফলত বহুলোকে এই বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।

বিহালী সমষ্টিৰ কুলাগুৰি গাঁৱৰ পানী যোগান আচঁনিয়ে উদঙাইছে প্ৰকৃত স্বৰূপ । আচঁনিখনৰ অন্তৰ্গত খোৱাপানীৰ বাবে প্ৰকল্প নিৰ্মাণ কৰিলে যদিও বিগত প্ৰায় ৭ মাহৰো অধিক সময় প্ৰকল্পটো বিকল হৈ থকাৰ ফলত এতিয়া এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ পৰিস্থিতি দেখা গৈছে কুলাগুৰি গাঁৱত । উল্লেখযোগ্য যে এই আচঁনিখনৰ জৰিয়তে কেইদিনমান ৩০০ মানুহে বিশুদ্ধ পানী লাভ কৰিছিল যদিও যোৱা ৭ মাহ ধৰি আচঁনি খন বন্ধ হৈ আছে ।

ইফালে, কুলাগুৰি পানী যোগান আচঁনিখন বিকল হোৱাৰ কথা বিশ্বনাথ মহকুমা জন স্বাস্থ্য কাৰিকৰী বিভাগক স্থানীয় লোকে অৱগত কৰা পিচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিহালী সমষ্টিৰ বিভিন্ন স্থানত নিৰ্মাণ হৈ থকা জল জীৱন মিছনৰ আচঁনিৰ কাম অতি লেহেমীয়া গতিত হোৱাৰ লগতে নিম্নমানৰ কাম কৰাৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:CM in Dibrugarh : অগ্নিগৰ্ভা মণিপুৰ ! নেডাৰ আহ্বায়ক ব্যস্ত চেল্ফী লোৱাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.