ETV Bharat / state

বিশ্বনাথত পাৱাৰ ৱৰ্কাছ ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Jul 9, 2021, 11:50 AM IST

ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সুৰক্ষাৰ দাবীত বৃহস্পতিবাৰে প্ৰতিবাদত নামিল পাৱাৰ ৱ'কাৰ্ছ ইউনিয়ন । উদ্যোগ বচাওক শ্ৰমিক বচাওক আহ্বানেৰে পাৱাৰ ৱ'কাৰ্ছ ইউনিয়নে সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰা জিলাৰ বাহিৰে আন সকলো জিলাতে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । বৃহস্পতিবাৰে বিশ্বনাথৰ লাকুৱা শাখাতো প্ৰতিবাদ সাব্যস্ত কৰে ইউনিয়নে ।

power workers union protest in Biswanath
বিশ্বনাথত পাৱাৰ ৱ'কাৰ্ছ ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচী

বিশ্বনাথ, 9 জুলাই : কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতিৰ বিৰোধিতাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে পাৱাৰ ৱৰ্কাছ ইউনিয়নে । ৰাজহুৱা খণ্ডৰ উদ্যোগ বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা নীতিৰ বিৰোধিতা কৰে কৰ্মচাৰীসকলে । সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰা জিলাৰ বাহিৰে আন সকলো জিলাতে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । উদ্যোগ বচাওক শ্ৰমিক বচাওক আহ্বানেৰে বিশ্বনাথৰ লাকুৱা শাখাতো আসাম ষ্টেট পাৱাৰ ৱৰ্কাছ ইউনিয়নে (Assam State Power Worker's Union) প্ৰতিবাদ সাব্যস্ত কৰে ।

সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি কম সংখ্যক সদস্যৰ উপস্থিতিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নগাঁও, কাছাৰ কাগজ কল আৰু ৰঙিয়াৰ এপ'ল মিলৰ (Rangiya Apolo Mill) কৰ্মচাৰীয়ে দৰমহাৰ অভাৱত পৰিয়াল পোহ পাল দিব নোৱাৰি, চিকিৎসাৰ ব্যয় বহন কৰিব নোৱাৰি আত্মহননৰ পথ বাচি ল'বলগীয়া হৈছে । বৃহস্পতিবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত এই কৰ্মচাৰীসকললৈও শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

power workers union protest in Biswanath
বিশ্বনাথত পাৱাৰ ৱ'কাৰ্ছ ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচী

নগাঁও, কাছাৰ কাগজ কল, ৰঙিয়াৰ এ'পল মিল (Rangiya Apolo Mill) আৰু চন্দ্ৰপুৰ তাপ বিদ্যুৎ কেন্দ্ৰ পুনৰ জীৱিত কৰা, শিলঘাট মৰাপাট কল চৰকাৰী সাহায্যৰে শক্তিশালী কৰা, বিদ্যুৎ উৎপাদন, সংবহন আৰু বিতৰণৰ ক্ষেত্ৰত ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰা, নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী সাৰ কাৰখানাৰ ৪ৰ্থ গোট স্থাপন কৰা আৰু এ পি ডি চি এলৰ নিয়ন্ত্ৰণ কক্ষৰ ব্যক্তিগতকৰণ বন্ধ কৰা আদি দাবী সম্বলিত এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰীলৈ দিয়া হয় ।

আসাম ষ্টেট পাৱাৰ ৱৰ্কাছ ইউনিয়ন (Assam State Power Worker's Union)ৰ সভাপতি ব্ৰজেন বৰি, কাৰ্যকৰী সভাপতি লীলা চাংমাই আৰু সাধাৰণ সম্পাদক অমিত কৰে মুখ্যমন্ত্ৰীক ৰাজ্যখনত ব্যাপক উদ্যোগীকৰণৰ জৰিয়তে নিবনুৱাক সংস্থাপনৰ লগতে ৰাজ্যখনৰ উন্নতি তৰান্বিত কৰিবলৈ আহ্বান জনায় । ইউনিয়নে প্ৰকাশ কৰা এক বিবৃতিৰ জৰিয়তে এই কথা সদৰি কৰে প্ৰচাৰ সম্পাদক উৎপল শইকীয়া আৰু উপ সাধাৰণ সম্পাদক প্ৰনৱ খাটনিয়াৰে । ৰাজহুৱা খণ্ডৰ উদ্যোগক পুনৰ কাৰ্যক্ষম কৰি তুলি উৎপাদন বৃদ্ধিৰ লগতে কৰ্মচাৰীসকলৰো জীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ইউনিয়নে চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়ক:দুদিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.