ETV Bharat / state

ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিশ্বনাথত সজাগতামূলক ৰেলী

author img

By

Published : Sep 1, 2022, 9:39 PM IST

Poshan maah observed in Biswanath
ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিশ্বনাথত সজাগতামূলক ৰেলী

২০১৮ চনৰ ৮ মাৰ্চৰ দিনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন ৰোগ নিৰাময়ৰ উদ্দেশ্যে আগত ৰাখি আৰম্ভ কৰিছিল ৰাষ্ট্ৰীয় পোষণ মাহৰ(PM Narendra Modi) ৷ সেই অনুসৰিয়েই আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পোষণ মাহৰ ৷ বিশ্বনাথ জিলা প্ৰশাসন তথা মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত বিশ্বনাথতো পালন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহৰ(Women and child welfare department) ৷

বিশ্বনাথ ১ ছেপ্টেম্বৰঃ দেশৰ ভৱিষ্যত নাগৰিক শিশুসকলক সুস্থ-সৱল কৰাৰ উদ্দেশ্যৰে শিশুৰ পুষ্টি আৰু বিকাশৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰতিবছৰে ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাবে পালন কৰি আহিছে । আজি বিশ্বনাথ জিলা প্ৰশাসন তথা মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত বিশ্বনাথতো পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ কৰা হয়(Poshan maah observed in Biswanath) । সেই উপলক্ষে আজি বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ত জিলা পৰ্যায়ত আয়োজিত হয় এক কাৰ্যসূচীৰ ৷

Poshan maah observed in Biswanath
ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিশ্বনাথত সজাগতামূলক ৰেলী

অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত লিজা তালুকদাৰে (Additional Commissioner of Biswanath)। ১ চেপ্টেম্বৰৰ পৰা ৩০ চেপ্টেম্বৰ পৰ্যন্ত অনুষ্ঠিত হ'বলগীয়া এই পোষণ মাহ উপলক্ষে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত আজি পুৱাই দেখা পোৱা গ'ল শিশুৰ বাবে প্ৰয়োজনীয় থলুৱা পুষ্টিকাৰক খাদ্যৰ প্ৰদৰ্শনী ।

Poshan maah observed in Biswanath
ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিশ্বনাথত সজাগতামূলক ৰেলী

উল্লেখযোগ্য যে, জিলাখনৰ ৭টাকৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মীসকলে অংশগ্ৰহণ কৰি এক সজাগতামুলক ৰেলীৰো আয়োজন কৰে(Rally for awareness) । বিশ্বনাথৰ উপায়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত এই অনুষ্ঠানটিত মহিলা আৰু শিশু বিকাশ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া, জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা, জিলা কৃষি বিষয়া, জিলা আচঁনি প্ৰৱন্ধক, এএচআৰএলএম, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আচঁনি প্ৰৱন্ধক, খণ্ড উন্নয়ন বিষয়া, শিশু বিকাশ প্ৰকল্প বিষয়া, মুখ্য সেৱিকা, জিলা পোষণ টীম প্ৰমুখ্যে জিলাখনৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়া তথা মুৰব্বী আৰু অংগনৱাড়ী কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: পুষ্টিহীনতাত ভোগা শিশুক চৰকাৰে যোগান ধৰিব চকলেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.