পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 15, 2021, 5:08 PM IST

news@5

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

1.ৰাজ্যৰ মংগল কামনাৰে সপত্নীক ঢেকীয়াখোৱা বৰনামঘৰত সেৱা ল’লে মুখ্যমন্ত্ৰীয়ে

বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে সপত্নীক যোৰহাট ভ্ৰমণলৈ যায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীৰ মংগল কামনাৰ্থে নৈবেদ্য আগবঢ়াই আশীষ গ্ৰহণ কৰে ৷ মহাপুৰুষ মাধৱদেৱ স্থাপিত এই বৰনামঘৰলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এক কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় ৷

2. এক সুকীয়া আমেজৰ নাম বৰশী...

বৰশীৰ বোৱাৰ কি এক অনাবিল আনন্দ তথা মাদকতা আছে সেয়া বৰশী বোৱাজনেহে অনুভৱ কৰিব পাৰে ৷ কেতিয়াবা ক্ষন্তেক, কেতিয়াবা ঘন্টাৰ পাছত ঘন্টা অপেক্ষা কৰি বৰশীত উঠা এটি মাছে বৰশী বোৱা জনক কি অনাবিল আনন্দ দিয়ে তাক হয়তো বৰশী বোৱা জনেহে ক'ব পাৰিব । সাধাৰণতে বিশ্বৰ অধিকাংশ ঠাইতে বৰশী বোৱা হয় যদিও, জলজ সম্পদেৰে পৰিপূৰ্ণ অসমৰ চহা জীৱনত বৰশী জীৱন জীৱিকাৰো অন্যতম এটা বাট বুলি ক’ব পাৰি ।

3. নিমাতীঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : নিমাতীঘাটত সলনি হ’ব পূৰ্বৰ ৰূপ

নিমাতীঘাট নাও দুৰ্ঘটনাৰ পাচত বুধবাৰে পুনৰ নিমাতীঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে নিমাতীঘাটত ৰ'পেক্স জাহাজৰ চলাচল নিৰীক্ষণ কৰে ৷ নিমাতীঘাটতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত বৈঠকত মিলিত হয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট-মাজুলীৰ মাজত জাহাজৰ সংখ্যা অতি শীঘ্ৰে পৰ্যায়ক্ৰমে ৬ খনলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে ৷ ইয়াৰ লগতে মাজুলীৰ পৰা যোৰহাটলৈ চলিব দুখন নৈশ বাছ ৷ আনহাতে নিমাতীঘাটত এনডিআৰএফ আৰু এছডিআৰএফৰ শিবিৰ স্থাপন কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীৰ নিমাতীঘাট পৰিদৰ্শন কালত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ তপন গগৈ আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু উপস্থিত থাকে ।

4. ব্ৰহ্মপুত্ৰত গা-ধুবলৈ আহি নিখোজ তিনি যুৱক

গোৱালপাৰা চহৰৰ কাছাৰীঘাটৰ ব্ৰহ্মপুত্ৰত তিনি যুৱকৰ সলিল সমাধি । লগৰীয়া সৈতে ব্ৰহ্মপুত্ৰত গা-ধুবলৈ আহি নিখোজ তিনি যুৱক । যুৱক তিনিজন হৈছে মুক্তাৰ হুছেইন, নবী ইছলাম, আৰু ছাইনুৰ ইছলাম । বৰ্তমান SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ উল্লেখ যে, একেখন স্থানতে মঙলবাৰে ব্ৰহ্মপুত্ৰত ইৰফান হুছেইন নামৰ যুৱকজনে আত্মহত্যা কৰে ৷ মঙলবাৰৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ একেখন স্থানতে তিনিজন যুৱক নিখোজ হোৱা ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

5. আৰক্ষীৰ পৰা উৎকোচ লৈ গ্ৰেপ্তাৰ কোষাগাৰৰ কৰ্মচাৰী

দুৰ্নীতিৰ যেন ভূ-স্বৰ্গত পৰিণত হৈছে কোষাগাৰ কাৰ্যালয় । এইবাৰ নগাঁও আৰক্ষীৰ জালত পৰিল এগৰাকী ঘোচখোৰ মহিলা কৰ্মচাৰী । এগৰাকী আৰক্ষী কনিষ্টবলৰ পৰাই উৎকোচ বিচাৰি জালত পৰিছে মহিলা কৰ্মচাৰীগৰাকী ।

6. তিনিবাৰ সলনি কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ সময়সীমা

পৰীক্ষা অবিহনে বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণা কৰাত মেট্রিকত অভিলেখ সংখ্যক ছাত্র-ছাত্রী উত্তৰ্ণী হোৱাৰ পাছত প্রয়োজনীয় আসনৰ জোৰা মৰাত ব্যৰ্থ হৈছে শিক্ষা বিভাগ । ২৭, ২৮ ছেপ্টেম্বৰৰ ভিতৰত সম্পূর্ণ হ'ব লাগিব উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভর্তি । নামভৰ্তিৰ ক্ষেত্ৰত ছেবা আৰু সংসদৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কলেজসমূহক ৭৫ শতাংশ আসন সংৰক্ষণৰ বাবে পূৰ্বে দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰি ২৫ শতাংশ কৰা হৈছে ।

7. আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস : দেশৰ একনায়কত্বৰ বিৰুদ্ধে যুঁজ দিয়া গণতান্ত্ৰিক নেতাসকল...

‘আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস’ৰ(International Day of Democracy) অস্তিত্ব হৈছে গণতন্ত্ৰ(Democracy) ৷ এই বিষয়টো 1997 চনৰ 15 ছেপ্তেম্বৰত আন্তঃসংসদীয় ইউনিয়নে(Inter-Parliamentary Union) গ্ৰহণ কৰিছিল ৷ ই হৈছে ৰাষ্ট্ৰীয় সংসদসমূহৰ(National Parliaments) এক আন্তৰ্জাতিক সংগঠন ।

8. JEE-Main চতুৰ্থ পৰ্যায়ৰ ফলাফল : 44 গৰাকীৰ 100 শতাংশ নম্বৰ লাভ

অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE-main ৰ মঙলবাৰে ফলাফল ঘোষণা কৰা হয় । পৰীক্ষাত এইবাৰ মুঠ ৪৪ গৰাকী প্ৰাৰ্থীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে শীৰ্ষ স্থান লাভ কৰিছে ১৮ গৰাকী প্ৰাৰ্থীয়ে ।

9. প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নতুন কাৰ্যালয়

আফ্ৰিকা এভিনিউ আৰু কস্তুৰবা গান্ধী মাৰ্গৰ দুটা নতুন কমপ্লেক্সলৈ স্থানান্তৰ কৰা হ'ব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কাৰ্যালয় । এই নতুন কাৰ্যালয় উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

10.দিল্লী আৰক্ষীৰ জালত সন্দেহজনক সন্ত্ৰাসবাদী

দেশৰ ভিন্ন প্ৰান্তত দিল্লী আৰক্ষীয়ে অভিযান চলাই পাকিস্তানত প্ৰশিক্ষণ লোৱা দুজন সন্ত্ৰাসবাদী সহ ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰে চাৰিজনক দিল্লীৰ পাটিয়ালা হাউচ আদালতে প্ৰেৰণ কৰিছে আৰক্ষী জিম্মালৈ । সন্ত্ৰাসবাদী কেইজনৰ পৰা কি কি উদ্ধাৰ কৰিছে আৰক্ষীয়ে ? তেওঁলোকৰ লক্ষ্য কি আছিল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.