ৰাজ্যৰ মংগল কামনাৰে সপত্নীক ঢেকীয়াখোৱা বৰনামঘৰত সেৱা ল’লে মুখ্যমন্ত্ৰীয়ে

By

Published : Sep 15, 2021, 4:16 PM IST

thumbnail

বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে সপত্নীক যোৰহাট ভ্ৰমণলৈ যায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীৰ মংগল কামনাৰ্থে নৈবেদ্য আগবঢ়াই আশীষ গ্ৰহণ কৰে ৷ মহাপুৰুষ মাধৱদেৱ স্থাপিত এই বৰনামঘৰলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এক কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় ৷ তাৰপিছতে কলিয়াপানীৰ আউনীআটি সত্ৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ সত্ৰৰ সমীপত উচ্চ শিক্ষাৰ প্ৰসাৰৰ অৰ্থে প্ৰায় 14 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে য’ত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি ভালেসংখ্যক দলীয় নেতা-কৰ্মী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.