চাহ শ্ৰমিকৰ সুবিধাৰ বাবে বিধায়ক ৰণজিৎ দত্তই প্ৰদান কৰিলে এম্বুলেঞ্চ

author img

By

Published : May 25, 2022, 12:30 PM IST

Ranjit Dutta

বিহালী চাহ বাগিছাৰ শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি উন্নত চিকিৎসাৰ বাবে দূৰণিলৈ যাবলৈ পৰ্যাপ্ত সুবিধা পোৱা নাছিল । যাৰ বাবে স্থানীয় বিধায়ক ৰণজিৎ দত্তই তেওঁলোকৰ এই সমস্যা সমাধানৰ বাবে বিধায়ক পুঁজিৰ ধনেৰে বাগিছা কৰ্তৃপক্ষক প্ৰদান কৰিলে এখন এম্বুলেঞ্চ (MLA Ranjit Dutta distributes ambulance in Behali)। এতিয়াৰে পৰা শ্ৰমিকসকলে গুৱাহাটী, তেজপুৰ আদিলৈ উন্নত চিকিৎসাৰ বাবে অতি সহজে যাব পাৰিব । এম্বুলেঞ্চ প্ৰদান কৰাৰ লগে লগে বাগিছাখনত আনন্দমুখৰ পৰিৱেশ ।

বিহালী, ২৫ মে': দীৰ্ঘদিনীয়া এক সমস্যা সমাধান হ'ল বিহালী চাহ বাগিছাৰ শ্ৰমিকসকলৰ । সমস্যা সমাধান কৰাত বিশেষ উদ্যোগ ল'লে বিধায়ক ৰণজিৎ দত্তই । উল্লেখ্য যে বিহালী সমষ্টিৰ অন্যতম চাহ বাগিছা বিহালী চাহ বাগিছাৰ শ্ৰমিকসকলে এম্বুলেঞ্চৰ অভাৱৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছিল । গুৱাহাটী বা তেজপুৰলৈ উন্নত চিকিৎসাৰ বাবে বাগিছাৰ ৰোগীসকলক লৈ যোৱাৰ ক্ষেত্ৰতো বহু অসুবিধাৰ সৃষ্টি হৈ আহিছিল ।

সেয়েহে বিধায়ক ৰণজিৎ দত্তই বিধায়ক পুঁজিৰ জৰিয়তে এখন এম্বুলেঞ্চ প্ৰদান কৰে (Ranjit Dutta distributes ambulance for tea worker)। মঙলবাৰে বিধায়কগৰাকীয়ে এম্বুলেঞ্চখন বাগিছা কৰ্তৃপক্ষক প্ৰদান কৰে (Ambulance distribution program in Behali tea estate)। এম্বুলেঞ্চ প্ৰদান অনুষ্ঠানত উপস্থিত থাকি বিধায়কগৰাকীয়ে কয় যে তেওঁ ৰাইজৰ এই অসুবিধা দূৰ কৰিবলৈ পাই যথেষ্ট আনন্দিত ।

বিধায়ক ৰণজিৎ দত্তই প্ৰদান কৰিলে এম্বুলেঞ্চ

বিধায়কগৰাকীয়ে বিজেপি চৰকাৰক প্ৰশংসা কৰি কয় যে বৰ্তমানৰ চৰকাৰে চাহ বাগিচাৰসমূহৰ বাট-পথৰ উন্নয়নৰ লগতে শিক্ষা, স্বাস্থ্য আদি ক্ষেত্ৰৰ উন্নয়নৰ বাবেও যথেষ্ট গুৰুত্ব দিছে । ভৱিষ্যতে চাহ বাগিছাৰ চিকিৎসালয়সমূহৰ উন্নয়নৰ বাবেও চৰকাৰে অধিক পদক্ষেপ হাতত লোৱাৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ উল্লেখ কৰে । এম্বুলেঞ্চ প্ৰদান কাৰ্যসূচীত বিহালীৰ আঞ্চলিক সভানেত্ৰী গীতা দাস, চাহ বাগিছাখনৰ মুখ্য পৰিচালক মনোৰঞ্জন তালুকদাৰ, সহকাৰী পৰিচালক উজ্জ্বল বচদ, চিকিৎসক ডাঃ অভিজিৎ শৰ্মা, কলঘৰৰ সহকাৰী পৰিচালক ধ্ৰুৱজ্যোতি বৰা, বিহালী মণ্ডলৰ সভাপতি লাচিত বৰাকে ধৰি অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

বিধায়কগৰাকীৰ এই পদক্ষেপক লৈ যথেষ্ট আনন্দিত বাগিছা কৰ্তৃপক্ষ লগতে চাহ শ্ৰমিকসকল । শ্ৰমিক তথা কৰ্তৃপক্ষৰ হৈ মুখ্য পৰিচালক মনোৰঞ্জন তালুকদাৰে ধন্যবাদ জ্ঞাপন কৰে স্থানীয় বিধায়কগৰাকীক ।

লগতে পঢ়ক :26 খন চাহ বাগিছাক এম্বুলেঞ্চ প্ৰদান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.