ETV Bharat / state

Protest in Bisswanath Chariali: দুৰ্নীতিৰ বিৰুদ্ধে আৰ টি আই কৰাৰ বাবেই এজনক প্ৰাণে মৰাৰ চেষ্টা

author img

By

Published : Aug 3, 2023, 7:26 PM IST

police station gheraoed
দুৰ্নীতিৰ বিৰুদ্ধে আৰ টি আই কৰাৰ বাবেই এজনক প্ৰাণে মৰাৰ চেষ্টা

দুৰ্নীতিৰ বিৰুদ্ধে আৰ টি আই কৰাৰ বাবেই এজনক প্ৰাণে মৰাৰ চেষ্টা দুৰ্নীতিকাৰী ঠিকাদাৰৰ ৷ অভিযুক্ত ঠিকাদাৰক গ্ৰেপ্তাৰ দাবীত ৰাইজে ঘেৰাও কৰিলে থানা । ঠিকাদাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰিছিল ভুক্তভোগী লোকজনে ।

ৰাইজে ঘেৰাও কৰিলে থানা

বিশ্বনাথ, ৩ আগষ্ট: গুৱাহাটী মেডিকেল কলেজৰ আই চি ইউত মৃত্যুৰ সৈতে যুঁজিছে বিশ্বনাথঘাটৰ বকুল দাসে । বিশ্বনাথঘাটৰ বকুল দাস নামৰ ব্যক্তিগৰাকীয়ে অঞ্চলটোৰ এটি পথ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰিছিল । অভিযুক্ত ঠিকাদাৰ জাপান দাসে এই বিষয়ে তথ্য লাভ কৰাৰ পাচত আবেদনকাৰী বকুল দাসক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল ৷

ঠিকাদাৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে বকুল দাস । অভিযোগ মতে, বকুল দাসৰ আৰ টি আই তথ্যত ঠিকাদাৰ জাপান দাসে ব্যাপক দুৰ্নীতিৰ তথ্য পোহৰলৈ আহে ৷ ইয়াতে ক্ষুদ্ধ হৈ ঠিকাদাৰ দাসে খঙত অগ্নিশৰ্মা হৈ আৰ টি আই আবেদনকাৰী বকুল দাসক ২০ জুলাইত বিশ্বনাথঘাটৰ তিনিআলিত অশ্লীল গালি-গালাজ কৰি বুকুত প্ৰচণ্ড জোৰে ঘোচা মাৰি, ডিঙিত চেপি হত্যাৰ চেষ্টা কৰে ।

ঠিকাদাৰ দাসৰ আক্ৰমণত বকুল দাস সেই স্থানত ঢলি পৰে আৰু অচেতন হৈ পৰে । স্থানীয় লোকৰ সহযোগত বকুল দাসৰ পৰিয়ালৰ লোকে তেওঁক লগে লগে বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও তেওঁৰ অৱস্থা অতি সংকটজনক হোৱা বাবে চিকিৎসালয় কৰ্তৃপক্ষই লগে লগে তেজপুৰলৈ প্ৰেৰণ কৰে । কিন্তু তেজপুৰতো বকুল দাসৰ স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাৰ বাবে অৱশেষত বকুল দাসক জি এম চি এইছলৈ প্ৰেৰণ কৰে ।

বৰ্তমান বুকুল দাসে জি এম চিৰ আই চি ইউত জীৱন আৰু মৃত্যুৰ লগত যুঁ‌জ দি আছে । ভুক্তভোগীৰ পৰিয়ালটোৱে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে দুৰ্নীতিকাৰী ঠিকাদাৰ জাপান দাসৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ যাৰ বাবে বৃহস্পতিবাৰে বিশ্বনাথঘাটৰ পুৰুষ-মহিলাৰ লগতে ভুক্তভোগী পৰিয়ালটোৱে বিশ্বনাথ চাৰিআলি আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ জাপান দাসৰ বিৰুদ্ধে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক: Congress protest regarding Manipur issue: হিংসাজৰ্জৰ মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.