ETV Bharat / state

কাজিৰঙা কৰ্তৃপক্ষক ৰাজহ বিভাগে ভূমি হস্তান্তৰ কৰা কাৰ্যৰ বিৰোধিতা স্থানীয় লোকৰ

author img

By

Published : Nov 22, 2020, 7:40 PM IST

বন আৰু ৰাজহ বিভাগৰ চকু অসমীয়া ম‍্যাদী পট্টাৰ ভূমিত । ক্ষয়-ক্ষতি নিদিয়াকৈ ম‍্যাদী পট্টাৰ মাটিত চলালে উচ্ছেদ ।

kaziranga lane transfer story
কাজিৰঙা কৰ্তৃপক্ষক ৰাজহ বিভাগে ভূমি হস্তান্তৰ কৰা কাৰ্যক বিৰোধিতা স্থানীয় লোকৰ

বিশ্বনাথ, 22 নৱেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় আৰু পঞ্চম সংযোজন এলেকাৰ সম্প্ৰসাৰিত ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক ৰাজহ বিভাগে আনুষ্ঠানিকভাৱে অৰ্পণ কৰা ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ লগতে বিশ্বনাথত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকগৰাকীয়ে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চল তথা ব্ৰহ্মপুত্ৰ উত্তৰ আৰু কাজিৰঙা পাৰৰ ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰী ম্যাদী পট্টা নং ১ৰ বাসিন্দাসকলক উচ্ছেদ কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া আৰু হালধিবাৰীৰ একাংশ থলুৱা ভূমি পত্ৰ ম্যাদী পট্টাৰ ভূমি য'ত অসমীয়া লোকে ব্যৱসায় কৰি আন দহজন অসমীয়াক জীৱন নিৰাপত্তা দি আহিছে তেনে সময়তে একাংশ পৰিয়ালক উচ্ছেদ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে বিশ্বনাথ তথা হালধিবাৰীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধীয়া আৰু বিশ্বনাথ ঘাটৰ ম্যাদী পট্টাৰ ভূমি ৰাজহ বিভাগে বন বিভাগক গতাবলৈ বিভিন্ন কৌশল ৰচনা কৰা এক গুৰুত্ব অভিযোগ উত্থাপন হৈছে । অলপতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগ আৰু বোকাখাত মহকুমা প্ৰশাসনৰ এটা দলে ১নং হালধিবাৰী গ্ৰীণ আছিয়ানা ধাবাৰ ম্যাদী পট্টাৰ ভূমিত প্ৰৱেশ কৰি বহু পৰিমাণৰ সা-সম্পত্তি নষ্ট কৰা লগতে এটা শিৱ মন্দিৰ ভাঙি উক্ত ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক চমজাবলৈ হুংকাৰ দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে বিশ্বনাথৰ বিশিষ্ট সমাজ কৰ্মী তথা গ্ৰীণ আচিয়ানা ধাবাৰ স্বত্বাধিকাৰী ড০ কিশোৰ হাজৰিকাই ।

kaziranga lane transfer story
কাজিৰঙা কৰ্তৃপক্ষক ৰাজহ বিভাগে ভূমি হস্তান্তৰ কৰা কাৰ্যৰ বিৰোধিতা স্থানীয় লোকৰ

ড০ কিশোৰ হাজৰিকাই কয় যে, যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সন্মানমূলকভাৱে ভূমি বিচাৰে মই কি সকলো ৰাইজে স-সন্মানেৰে দিবলৈ সাজু আছো ৷ কিন্তু হঠাৎ মানুহ নথকা সুযোগ লৈ ম্যাদী পট্টাৰ ভূমিত প্ৰৱেশ কৰি সা সম্পত্তি নষ্ট কৰা, মন্দিৰ ভাঙিবলৈ চেষ্টা কৰা কাৰ্য কোনো কালেই গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে হাজৰিকাই । তেওঁ লগতে কয় যে উচ্ছেদ চলোৱা আগতে ন্যায়ালয়ে যিদৰে ভুক্তভোগী পৰিয়ালক ক্ষয় ক্ষতি দিবলৈ নিৰ্দেশ দিছে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ উচ্ছেদিত লোকক তেনেদৰে ক্ষতি পূৰণ দিয়াতো উচিত ।

স্থানীয় একাংশ লোকে ২০১৫ চনত কংগ্ৰেছ চৰকাৰৰ দিনত গুৱাহাটী উচ্চতম ন্যায়ালয়ে দিয়া এই নিৰ্দেশনাক হঠাৎ কিয় তৎপৰতা দেখুৱাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আৰু বোকাখাত প্ৰশাসনে সেইটো ৰহস্যজনক বুলি উল্লেখ কৰে । ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া হালধিবাৰী গাঁৱৰ প্ৰায় ৪৮ ঘৰ ম্যাদী পট্টাৰ পৰিয়াল এতিয়া বিপাঙত পৰিছে । কোন সময়ত তেওঁলোকৰ ঘৰৰ মাটি উচ্ছেদ চলাব মহকুমা প্ৰশাসন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগে তাক লৈ এতিয়া দোমোজাত পৰিছে পৰিয়ালকেইটা । ইফালে এই সমগ্র ঘটনাটো জাতি মাটিৰ ৰক্ষা কথা কোৱা অসমৰ মুখ্যমন্ত্ৰী হস্তক্ষেপ দাবী জনাইছে ড০ কিশোৰ হাজৰিকাই ।

লগতে পঢ়ক: ডিব্ৰুগড় বিমানবন্দৰত ভাৰতীয় বিমান প্ৰাধিকৰণৰ মক ড্ৰিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.