ETV Bharat / state

পত্নীক হত্যা কৰি নৈৰ পাৰত পুতি থৈ সাৰিব বিচাৰিছিল ৰাজেশে

author img

By

Published : Dec 18, 2021, 5:13 PM IST

husband-killed-wife-and-hided-her-body-in-river-bank-in-helem-biswanath
পত্নীক হত্যা কৰি নৈৰ পাৰত পুতি থৈ সাৰিব বিচাৰিছিল ৰাজেশে

বিশ্বনাথৰ হেলেমত নৃশংস হত্যাকাণ্ড । পত্নীক হত্যা কৰি স্বামীয়ে নৈৰ পাৰত পুতি থ'লে মৃতদেহ ( Husband hides wife's body after killing ) ৷ সবিশেষ জানো আহক ৷

বিশ্বনাথ, 18 ডিচেম্বৰ : ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাইছে গার্হস্থ্য হিংসাৰ গোচৰ(Domestic violence in Assam) ৷ আনকি, চলিত বৰ্ষত বহুবাৰ পত্নীক হত্যাৰ অপচেষ্টা কৰাৰ ঘটনাও সংঘটিত হৈছে ৷ শেহতীয়াকৈ, বিশ্বনাথৰ হেলেমত সংঘটিত হৈছে এগৰাকী পতিয়ে নিজ পত্নীক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা(Wife killed by husband in Biswanath) । এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ হেলেমৰ চন্দামাৰী বঙালী অঞ্চলত । অভিযোগ অনুসৰি, মঙলবাৰৰ নিশা চন্দামাৰী বঙালী গাঁৱৰ ৰাজেশ ওৰাং নামৰ লোকজনে অত্যাধিক মদ্যপান কৰি ঘৰলৈ ওভটি পৰিয়ালৰ লোকসকলক মাৰধৰ কৰিবলৈ লয় ।

ৰাজেশৰ এই আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰে ৰাজেশৰ মাতৃয়ে ৷ কিন্তু, ইয়াৰ মাজতে ৰাজেশে এখন পিৰাৰে আক্ৰমণ কৰে পত্নী দময়ন্তী ওৰাঙক ৷ মূৰত এইদৰে প্ৰহাৰ কৰাত সেই স্থানতে বাগৰি পৰি প্ৰাণ ত্যাগ কৰে পত্নী গৰাকীয়ে । ইয়াৰ পিছত বিগত কেইবাদিনেও গাঁওবাসীয়ে ৰাজেশক পত্নী দময়ন্তী ওৰাং ক'লৈ গ'ল বুলি সোধা পোছা কৰি আছিল যদিও এই বিষয়ে কাকো একো জনোৱা নাছিল তেওঁ ।

পত্নীক হত্যা কৰি নৈৰ পাৰত পুতি থৈ সাৰিব বিচাৰিছিল ৰাজেশে

কেইবাদিনো সকলোৱে দময়ন্তীৰ বিচাৰ খোচাৰ কৰাৰ অন্তত শনিবাৰে পুৱা ঘৰৰ কাষেৰে বৈ যোৱা এখন নৈৰ পাৰত পুতি থোৱা অৱস্থাত ৰাইজে দময়ন্তীৰ মৃতদেহ উদ্ধাৰ কৰে ।

এটি পুত্ৰ সন্তানৰ মাতৃ গৰাকীক নিজ স্বামীয়ে এইদৰে হত্যা কৰাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । ইতিমধ্যে ঘটনাস্থলীত হেলেম আৰক্ষী, দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰাৰ লগতে স্বামী ৰাজেশক কৰায়ত্ব কৰিছে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাজেশৰ ওপৰত নিজ পিতৃক হত্যা কৰাৰ অভিযোগ আছিল ৷ এতিয়া পুনৰ পত্নী হত্যাৰ অভিযোগত অভিযুক্ত হোৱা লোকজনে কঠোৰ শাস্তি পোৱাটো বিচাৰিছে ৰাইজে ৷

লগতে পঢ়ক : গ্ৰেপ্তাৰ হ’ল মৰমী তাঁতীৰ হত্যাকাৰী: হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল থানা চৌহদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.