ETV Bharat / city

গ্ৰেপ্তাৰ হ’ল মৰমী তাঁতীৰ হত্যাকাৰী: হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল থানা চৌহদ

author img

By

Published : Dec 16, 2021, 8:24 PM IST

বুধবাৰে মহানগৰীৰ যোৰাবাটত সংঘটিত মৰমী তাঁতী হত্যাকাণ্ড(Murdered by lover in Guwahati)ৰ পিছতে বৃহস্পতিবাৰে স্থানীয় ৰাইজৰ লগতে বহুকেইটা দল-সংগঠনে সাতগাঁও থানাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ হত্যাকাৰী সঞ্জয় লালুঙক ফাঁচী দিয়াৰ লগতে নাৰীক সুৰক্ষা প্ৰদানৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে ৷

Murder by Lover in Giuwahati
মৰমী হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ

গুৱাহাটী, ১৬ ডিচেম্বৰঃ মেধাৱী যুৱতী মৰমী হত্যাৰ উচিত ন্যায়ৰ দাবী তুলি বিভিন্ন দল-সংগঠনে বৃহস্পতিবাৰে মহানগৰীৰ সাতগাঁও থানাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বুধবাৰে আমছিং যোৰাবাটত সংঘটিত হোৱা মৰমী তাঁতী নামৰ যুৱতীগৰাকীৰ হত্যাকাণ্ডৰ বিচাৰ আৰু হত্যাকাৰীক ফাঁচীৰ দাবীত সাতগাঁও থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকৰ লগতে দল-সংগঠনে । প্ৰতিবাদকাৰীসকলে হত্যাকাৰী সঞ্জয় লালুঙক ফাঁচী দিয়ক, নাৰীক সুৰক্ষা প্ৰদান কৰক, অসম পুলিচ গ' বেক, মৰমী তাঁতীৰ হত্যাকাণ্ডৰ বিচাৰ লাগে আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

বিশেষকৈ সাতগাঁও ছাত্ৰ সন্থা, জু-নাৰেঙ্গী ছাত্ৰ সন্থা, দ্বীপজ্যোতি মহিলা সমিতি, আদিবাসী ছাত্ৰ সন্থা আৰু আমছিং যোৰাবাটৰ ৰাইজে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত । এই প্ৰতিবাদৰ পিছতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হত্যাকাৰী সঞ্জয় লালুঙক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰে মহানগৰ আৰক্ষীৰ মধ্য মণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত নিলোৎপল ডেকা আৰু সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিত লহকৰে । ইফালে প্ৰতিবাদৰ পিছতে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা দল-সংগঠনসমূহে মৰমী তাঁতীৰ বাসগৃহলৈ গৈ পৰিয়ালৰ পৰা ঘটনা সন্দৰ্ভত বুজ লয় ।

মৰমী হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, গুৱাহাটীৰ সাতগাঁও থানাৰ অন্তৰ্গত আমছিঙত বুধবাৰে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই প্ৰেমিক সঞ্জয় লালুঙে মহানগৰীৰ গীতানগৰস্থিত কন্যা মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাষিকৰ ছাত্ৰী মৰমী তাঁতীক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল(Murdered by lover in Guwahati)।

ইপিনে পূৰ্বতে মৰমী তাঁতীয়ে তেওঁক সঞ্জয় লালুঙে দিয়া ভাবুকি সন্দৰ্ভত সাতগাওঁ থানাত দুখনকৈ এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত হ’বলৈ পোৱা বুলি অভিযোগ উত্থাপন কৰিছে জু-নাৰেংগী ছাত্ৰ সন্থাই ।

লগতে পঢ়কঃ Sheena Bora murder case: কাশ্মীৰত আছে শ্বীনা, দাবী কৰিলে ইন্দ্ৰানী মুখাৰ্জীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.