ETV Bharat / state

Baby found dead in Lakhimpur: জেঠায়েকে হত্যা কৰিলে চাৰি মহীয়া ভাগিনীয়েকক !

author img

By

Published : May 4, 2022, 9:15 PM IST

বিহালীৰ বেদেতীত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ নিজ জেঠায়েকে ভাগিনীয়েকক অপহৰণ কৰি নিয়াৰ পাছত হত্যাৰ অভিযোগ উত্থাপিত হৈছে ৷ লখিমপুৰৰ কঁঠালপুখুৰী ৰে’ল ষ্টেচনৰ সমীপত এটা খাৱৈত উদ্ধাৰ হয় মৃত শিশুটি (Baby found dead in Lakhimpur)৷

Baby found dead in Lakhimpur
জেঠায়েকে হত্যা কৰিলে চাৰি মহীয়া ভাগিনীয়েকক !

বিশ্বনাথ, 4 মে’: বিহালীৰ বেদেতীত সংঘটিত হৈছে এক জঘন্য কাণ্ড ৷ জেঠায়েকে 4 মহীয়া ভাগিনীয়েকক অপহৰণ কৰি নিয়াৰ পাছত হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে (Baby girl murdered) ৷ যোৱা ১ মে' তাৰিখে বিহালীৰ বেদেতীৰ চাহ বাগিছাৰ নিজা বাসগৃহৰ পৰা জেঠায়েকে শিশুটিক অপহৰণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷

শিশুটি নিৰুদ্দেশ হোৱাৰ পাছতে পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে বিশেষ তদন্ত নকৰাৰ অভিযোগ উঠিছে ৷ বুধবাৰে কেঁচুৱাটিৰ মৃতদেহ উদ্ধাৰ হয় লখিমপুৰৰ কঁঠালপুখুৰী ৰে’ল ষ্টেচনৰ সমীপত এটা খাৱৈত (Baby found dead in Lakhimpur)৷ ৪ মহীয়া শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ লগেলগে সমগ্ৰ বিহালীত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

জেঠায়েকে হত্যা কৰিলে চাৰি মহীয়া ভাগিনীয়েকক !

আনহাতে, শিশুটিৰ গৃহ অঞ্চল বেদেতী চাহ বাগিছাত হত্যাকাৰীক ফাঁচীৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শ শ স্থানীয় ৰাইজে (Protest at Bihali)।

উল্লেখ্য যে, বিহালীৰ বেদেতী চাহ বাগিছাৰ 1 নং লাইনৰ ৰাছিয়ান কিষাণ আৰু উৰ্চিলা কিষাণৰ একমাত্ৰ সন্তান চাৰিমহীয়া কেঁচুৱাটি বেদেতীৰ ডাৱল লাইনৰ এগৰাকী মহিলাগৰাকীয়ে অপহৰণ কৰি নিয়াৰ অভিযোগ উত্থাপিত হৈছিল ৷ মঙলবাৰে লখিমপুৰৰ কঠাল পুখুৰী ৰেলৱে’ ষ্টেচনৰ(Kathal Pukhuri Railway station) সমীপৰ পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত বিহালী আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ ছয়হীয়া শিশুৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.