ETV Bharat / state

Gambler arrested: বিশ্বনাথত জলসিঞ্চন বিভাগৰ ঠিকাদাৰসহ চাৰি জুৱাৰীক জে’ললৈ প্ৰেৰণ

author img

By

Published : Apr 1, 2023, 10:36 PM IST

বিশ্বনাথৰ পাঁচ জুৱাৰীক জে’ল হাজোতলৈ প্ৰেৰণ ৷ ইয়াৰ ভিতৰত আছে এগৰাকী জলসিঞ্চন বিভাগৰ ঠিকাদাৰ ৷ শুকুৰবাৰে পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ধৃত জুৱাৰীকেইটাক (Gambler arrested in Biswanath) ৷

Gambler arrested
বিশ্বনাথত জলসিঞ্চন বিভাগৰ ঠিকাদাৰসহ পাঁচ জুৱাৰীক জে’ললৈ প্ৰেৰণ

বিশ্বনাথ, 1 এপ্ৰিল: বিশ্বনাথ জিলাৰ বিহালীত এইবাৰ জুৱা খেলি ৰঙা ঘৰৰ আলহি হ’ল জলসিঞ্চন বিভাগৰ ঠিকাদাৰসহ 4জন ৷ জনসিঞ্চন বিভাগৰ ঠিকাদাৰজন তিলক শৰ্মা বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি বিহালী সমষ্টিৰ বিজেপিৰ মণ্ডল সভাপতিৰ সম্পৰ্কীয় তিলক শৰ্মা (Contractor arrested in connection with gambling) ৷

উল্লেখ্য যে, বিশ্বনাথ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত শুকুৰবাৰে পুৱতি নিশা বিশ্বনাথ ঘাটৰ পৰা 5 কুখ্যাত জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ তাৰে এজন হৈছে জলসিঞ্চন বিভাগৰ ঠিকাদাৰ তিলক শৰ্মা ৷ তেওঁৰ লগত আটক হোৱা আন চাৰি জুৱাৰী হৈছে ব্যৱসায়ী চন্দন ওজা, ব্যৱসায়ী ব্ৰীজেশ গুপ্তা, মহৰী পিন্টু চাহানী আৰু অট’চালক মাইচান মাহাতো ৷ ইতিমধ্যেই আটাইকেইজনকে জে’ললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

অভিযোগ অনুসৰি, জলসিঞ্চন বিভাগৰ ঠিকাদাৰ তিলক শৰ্মাই দীৰ্ঘদিন ধৰি বিভিন্ন স্থানত জুৱা খেল আয়োজন কৰি বহু লাখ লাখ টকা সংগ্ৰহ কৰি বিলাসী জীৱন যাপন কৰি আহিছিল ৷ এই সন্দৰ্ভতো তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷

আৰক্ষীৰ সূত্ৰ মতে, শুকুৰবাৰে পুৱতি নিশা বিশ্বনাথৰ অট’চালক মাইচান মাহাতো ঘৰত নিশালৈকে জুৱা খেল হৈ থকাৰ তথ্য লাভ কৰিছিল ৷ সেই তথ্যৰ ভিত্তিতে চলোৱা অভিযানত নগদ 28 হাজাৰ 700 টকাসহ হাতেলোটে 5 জোৱাৰীক আটক কৰি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে ৷ লগতে আৰক্ষীয়ে জব্দ কৰে এখন XUV300 বাহন, দুখন মটৰচাইকেল আৰু পাঁচটা ম’বাইলফোন (Gambling racket busted in Biswanath) ৷

উল্লেখ্য যে, বিহালী সমষ্টিৰ জিনজিয়া জলসিঞ্চন বিভাগৰ ঠিকাদাৰ তিলক শৰ্মা নেতৃত্বত এটা জুৱাৰীৰ দলে অট’চালক মাইচান মাহাতো ঘৰতত দীৰ্ঘদিনে জুৱাৰ আড্ডা চলাই আহিছিল ৷ ইয়াৰ বিনিময়ত ঘৰৰ গৰাকী মাইচান মাহাতোৱেও লাভ কৰিছিল মোটা অংকৰ ধন ৷ ইফালে, এই জুৱা খেলত আন কেইবাগৰাকীও ঠিকাদাৰ জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱা আটাইৰে বিৰুদ্ধে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত 39/2023 নম্বৰৰ গোচৰ ৰুজু কৰি প্ৰেৰণ কৰিছে জে’ললৈ ৷

লগতে পঢ়ক: Lat Maldal arrested: উৎকোচ লৈ জালত পৰিল বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল লগন বাছোৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.