ETV Bharat / state

Mysterious death in Biswanath: বিশ্বনাথত অবৈধ প্ৰেমিকসহ চাৰিজনক গ্ৰেপ্তাৰ

author img

By

Published : Aug 18, 2023, 2:19 PM IST

বিশ্বনাথৰ শশাংকৰ মৃতদেহ উদ্ধাৰৰ পিছত ঘটনাৰ নতুন মোৰ । পত্নীৰ সৈতে শশাংকৰ আছিল পাৰিবাৰিক সংঘাত । পত্নীৰ আছিল অবৈধ প্ৰেমিক । মৃত্যুৰ এক সপ্তাহ পূৰ্বে পত্নীৰ অবৈধ প্ৰেমিকে শশাংকক দিছিল প্ৰাণে মৰাৰ ভাবুকি । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত পত্নী আৰু চাৰিজনকৈ বন্ধুক জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

Four arrested with illicit lover in Biswanath
বিশ্বনাথত অবৈধ প্ৰেমিকসহ চাৰিজনক গ্ৰেপ্তাৰ

বিশ্বনাথত অবৈধ প্ৰেমিকসহ চাৰিজনক গ্ৰেপ্তাৰ

বিশ্বনাথ, ১৮ আগষ্ট: বিশ্বনাথৰ ফতিকাবস্তিৰ বুঢ়ীগাং নদীৰ পাৰত যোৱা ১৫ আগষ্ট তাৰিখে দ-গাঁৱৰ শশাংক কটকীয়ে বন্ধুৰ সৈতে খানা খাবলৈ যোৱাৰ পিছত নিৰুদ্দেশ হোৱা আৰু ১৬ আগষ্টত নদীৰ মাজত শশাংকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ঘটনাই লৈছে নতুন মোৰ । সম্প্ৰতি বিশ্বনাথ আৰক্ষীৰ হাতত পৰিয়ালৰ লোকে পৰিকল্পিতভাৱে হত্যা কৰা বুলি এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ।

আৰক্ষীৰ তদন্তত কেতবোৰ তথ্য পোহৰলৈ অহাত মৃত শশাংকৰ পত্নীক বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে বিশ্বনাথ আৰক্ষীয়ে । শশাংকৰ পত্নীয়ে শশাংকক হত্যা কৰাৰ সন্দেহ কৰিছিল পৰিয়ালৰ লোকে । ইয়াৰ পিছতে আৰক্ষীয়ে শশাংকৰ পত্নীক আটক কৰি জেৰা আৰম্ভ কৰে । জেৰাত শশাংকৰ পত্নীৰ বিৰুদ্ধে কেতবোৰ তথ্য লাভ কৰাত বৃহস্পতিবাৰে আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে ।

জানিব পৰা মতে, মৃত শশাংক কটকী আৰু পত্নীৰ মাজত দীৰ্ঘদিন ধৰি চলি আছিল পাৰিবাৰিক কণ্ডল । শশাংকৰ পত্নীৰ আছিল দীপাংকৰ বৰা নামৰ এজন যুৱকৰ সৈতে অবৈধ সম্পৰ্ক আছিল । অবৈধ প্ৰেমিক দীপাংকৰৰ লগত শশাংকৰ পত্নীয়ে ইনষ্টাগ্ৰামত ৰীলছ বনাই প্ৰচাৰো কৰিছিল বুলি জানিবপৰা গৈছে ।

ইফালে শশাংকৰ লগত থকা সংঘাতৰ বাবেই পত্নীয়ে এটা ভাড়াঘৰত থাকিবলৈ লৈছিল বুলিও এক তথ্য পোহৰলৈ আহিছে । ইফালে শেহতীয়াকৈ মৃত শশাংক কটকীয়ে মাটি বিক্ৰী কৰি লাভ কৰিছিল প্ৰায় ২২ লাখ টকা । ধনৰ লোভতে পত্নীয়ে অবৈধ প্ৰেমিক দীপাংকৰ বৰাৰ লগত মিলি স্বামী শশাংক কটকীক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষী তথা পৰিয়ালৰ লোকে ।

ইফালে শশাংকৰ লগত খানা খাবলৈ যোৱা চাৰিওজন বন্ধু ক্ৰমে সোনমনি দাস, শশাংক হাজৰিকা, বিপুল দাস আৰু আকাশ বৰা বিৰুদ্ধেও এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাত আৰক্ষীয়ে আটাইকেইজনকে বৃহস্পতিবাৰে জেললৈ প্ৰেৰণ কৰে । ইফালে শশাংকৰ পত্নীৰ অবৈধ প্ৰেমিক দীপাংকৰ বৰাই এসপ্তাহ পূৰ্বে আন দুজন যুৱকৰ সৈতে মৃত শশাংকক ঘৰৰ সন্মূখত আহি প্ৰাণে মৰাৰ চেষ্টা কৰিছিল বুলিও অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে । আনহাতে বৃহস্পতিবাৰে বিয়লি অবৈধ প্ৰেমিক দীপাংকৰ বৰাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৰ্তমান সোধাপোছা অব্যাহত ৰাখিছে বুলি জানিবপৰা গৈছে ।

লগতে পঢ়ক: Protest against Manipur incident: মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে হাফলঙত মম্ জ্বলাই প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.