ETV Bharat / state

গহপুৰত টুলুঙা নাৱেৰে ছাত্র-ছাত্ৰীৰ বিপদ সংকুল যাতায়ত

author img

By

Published : Sep 17, 2019, 10:35 AM IST

মধ্য চৰাইবাৰী আৰু নামচৰাইবাৰীৰ মাজত থকা নামচৰাইবাৰী ঘাটত থকা একমাত্ৰ টুলুঙা নাওখনেৰে বিদ্যালয়লৈ যাব লাগে ছাত্ৰ-ছাত্ৰী ৷ ভুক্তভোগী ছাত্ৰ-ছাত্ৰী সকলে নামচৰাইবাৰী ঘাটত এখন ডাঙৰ নাও অথবা এখন দলং নিৰ্মাণৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে গহপুৰৰ বিধায়ক তথা অসম চৰকাৰক ৷

গহপুৰত টুলুঙা নাৱেৰে ছাত্র-ছাত্ৰীৰ বিপদ সংকুল যাতায়ত

বিশ্বনাথ, 17 চেপ্তেম্বৰঃ টুলুঙা নাৱেৰে দৈনিক বিপদ সংকুল যাত্ৰা গহপুৰৰ ৰাওনামুখ গাঁও পঞ্চায়তৰ নামচৰাইবাৰী,গছপুৰ,ছ'গুৰি আদি অঞ্চলৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ ৷ শিক্ষাগ্ৰহণৰ বাবেই এই বিপদসংকুল যাতায়ত কৰিবলৈ বাধ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলে। মধ্য চৰাইবাৰী আৰু নামচৰাইবাৰীৰ মাজত থকা নামচৰাইবাৰী ঘাটত থকা একমাত্ৰ টুলুঙা নাওখনেৰে বিদ্যালয়লৈ যাব লাগে ছাত্ৰ-ছাত্ৰীসকল।

গহপুৰত টুলুঙা নাৱেৰে ছাত্র-ছাত্ৰীৰ বিপদ সংকুল যাতায়ত

ঘাটটোত থকা একমাত্ৰ নাও খনৰ বাবেই সময়মতে বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰে বহু ছাত্ৰ-ছাত্ৰী । টুলুঙা নাৱেৰে নামচৰাইবাৰী ঘাট পাৰ হোৱা ২০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে লোহিতমুখ,ৰাওনামুখ,চৰাইবাৰী অঞ্চলত থকা বিভিন্ন বিদ্যালয়লৈ যোৱাৰ লগতে একাংশই উচ্চ শিক্ষা গ্ৰহণৰ বাবে গহপুৰ আৰু কলাবাৰীত থকা মহাবিদ্যালয়লৈ এইদৰে যাতায়াত কৰিবলৈ একপ্ৰকাৰে বাধ্য হৈ পৰিছে । পৰিৱৰ্তনকামী চৰকাৰৰ উন্নয়নমূলক আঁচনিয়ে স্পৰ্শ নকৰা নামচৰাইবাৰী,গছপুৰ,ছ'গুৰি আদি অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলে অতি শীঘ্ৰেই নামচৰাইবাৰী ঘাটত এখন ডাঙৰ নাও অথবা এখন দলং নিৰ্মাণৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে গহপুৰৰ বিধায়ক তথা অসম চৰকাৰক ৷

Intro:As_Biswanath_802_17sep _Gohpur Dangerous Boat _Journey _of _Students_vis_byte_scept_as10018

Body:As_Biswanath_802_17sep _Gohpur Dangerous Boat _Journey _of _Students_vis_byte_scept_as10018

Conclusion:As_Biswanath_802_17sep _Gohpur Dangerous Boat _Journey _of _Students_vis_byte_scept_as10018



গহপুৰৰ ৰাওনামুখ গাঁও পঞ্চায়তৰ নামচৰাইবাৰী, গছপুৰ, ছ'গুৰি আদি অঞ্চলৰ দুইশতাধিক ছাত্ৰ-ছাত্ৰীয়ে একমাত্ৰ শিক্ষাগ্ৰহণৰ বাবেই বাধ্য হৈছে টুলুঙা নাঁৱেৰে দৈনিক বিপদ সংকুল যাতায়াত কৰিবলৈ। মধ্য চৰাইবাৰী আৰু নামচৰাইবাৰীৰ মাজত থকা নামচৰাইবাৰী ঘাটত থকা একমাত্ৰ টুলুঙা নাঁওখনেৰে পাল পাতি পাতি বিদ্যালয়লৈ যাব লাগে ছাত্ৰ-ছাত্ৰী সকল। ঘাটটোত থকা একমাত্ৰ নাঁও খনত বাবেই বহু ছাত্ৰ-ছাত্ৰীয়ে সময়মতে উপস্থিত হ'ব নোৱাৰে বিদ্যালয়ত। টুলুঙা নাঁৱৰে নামচৰাইবাৰী ঘাট পাৰ হোৱা ২০০ অধিক ছাত্ৰ-ছাত্ৰীয়ে লোহিতমুখ, ৰাওনামুখ, চৰাইবাৰী অঞ্চলৰ থকা বিভিন্ন বিদ্যালয়লৈ যোৱাৰ লগতে একাংশই উচ্চ শিক্ষা গ্ৰহণৰ বাবে গহপুৰ আৰু কলাবাৰীত থকা মহাবিদ্যালয়লৈ এইদৰে যাতায়াত কৰিবলৈ একপ্ৰকাৰে বাধ্য হৈ পৰিছে। পৰিবৰ্তন কামী চৰকাৰৰ উন্নয়নমূলক আঁচনিয়ে স্পৰ্শ নকৰা নামচৰাইবাৰী, গছপুৰ, ছ'গুৰি আদি অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলে গহপুৰৰ বিধায়ক তথা অসম চৰকাৰলৈ আহ্বান জনাইছে নামচৰাইবাৰী ঘাটত এখন ডাঙৰ নাঁৱৰ ব্যৱস্থা অথবষ এখন দলং নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়ক।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.