ETV Bharat / state

APSC CCE final result : APSC পৰীক্ষাত উজলিল বিশ্বনাথৰ কেইবাগৰাকীও প্ৰাৰ্থী

author img

By

Published : Oct 22, 2022, 11:34 AM IST

সদ্যঘোষিত APSC পৰীক্ষাত বিশ্বনাথ জিলাৰ কেইবাগৰাকীও প্ৰাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে (Candidate cleared APSC from Biswanath)। ১৪ সংখ্যক স্থান দখল কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুপুৰৰ মানস বৰদলৈয়ে । ৪২ সংখ্যক স্থানত উত্তীৰ্ণ উপাসনা বৰা, ৭৪ সংখ্যক স্থানত পৃথ্বীৰাজ শইকীয়া, ৯১ সংখ্যক স্থানত ভাস্কৰ জ্যোতি দাস, ৫৫ সংখ্যক স্থানত গহপুৰৰ গুণমণি বৰুৱা আৰু জিম্পি শইকীয়া ।

APSC CCE final result
APSC পৰীক্ষাত উজলিল বিশ্বনাথৰ কেইবাগৰাকী প্ৰাৰ্থী

বিশ্বনাথ, ২২ অক্টোবৰ : শুকুৰবাৰে ঘোষণা কৰা হৈছে APSCৰ ফলাফল (APSC CCE final result declared) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাতিলৰ চৰকাৰী সিদ্ধান্ত বাহাল ৰখাৰ পাছতে এই পৰীক্ষাৰ ফলাফল ঘোষণা ৷ ২০২০ বৰ্ষৰ WP(C) নং ৫১৬৯ৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২১/১০/২০২২ তাৰিখৰ নিৰ্দেশ আৰু কিছু আবেদন মানি অসম চৰকাৰৰ অসম অসামৰিক সেৱা, আৰক্ষী সেৱা, কৰ অধীক্ষককে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদবীৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হয় (Final Results of CCE-2020 announced) ।

APSC পৰীক্ষাত উজলিল বিশ্বনাথৰ কেইবাগৰাকীও প্ৰাৰ্থী

ফলাফল ঘোষণাৰ পাছতে বিশ্বনাথ জিলাত আনন্দমুখৰ পৰিৱেশ । জিলাখনৰ পৰা কেইবাগৰাকী প্ৰাৰ্থী এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে । তাৰ ভিতৰত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ACS পদত ১৪ সংখ্যক স্থান দখল কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুপুৰৰ মানস বৰদলৈয়ে (Manash Bordoloi cleared APSC)। মানসৰ সফলতাত আনন্দিত পৰিয়াল লগতে অঞ্চলটোৰ ৰাইজ ।

মানসৰ জেষ্ঠ ভাতৃ দিৱস বৰদলৈও এগৰাকী প্ৰশাসনিক বিষয়া ৷ বৰ্তমান কামৰূপ জিলাৰ বকোৰ ৰাজহচক্ৰ বিষয়া হিচাপে কৰ্মৰত মানসৰ ভাতৃ ৷ অসম লোক সেৱা আয়োগৰ পৰীক্ষাত প্ৰথমবাৰ বিফল হোৱা মানসে ধৈৰ্য সহকাৰে অধ্যয়ন কৰি দ্বিতীয়বাৰত সফল হ'বলৈ সক্ষম হ'ল ৷ প্ৰশাসনিক বিষয়া তথা ভাতৃ দিৱস বৰদলৈৰ পৰামৰ্শ অনুসৰিয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱৰ্তীণ হোৱাৰ আগ্ৰহ দেখুৱাইছিল মানসে ।

সেই আগ্ৰহ আৰু একাগ্ৰতা মনত লৈ যি আশা কৰিছিল আজি মানসৰ সপোন পুৰণ হ'ল বুলি তেওঁ প্ৰকাশ কৰে । ইফালে মাতৃ মানসক ভৱিষ্যতে ৰাইজৰ হৈ কাম কৰাৰ লগতে দুৰ্নীতিক কেতিয়াও আশ্ৰয় নিদিবি বুলিও আহ্বান জনাই ভাতৃ দিৱস বৰদলৈয়ে ।

ইফালে মানসৰ উপৰিও অসম লোকসেৱা আয়োগৰ পৰীক্ষাত জিলিকিল বিশ্বনাথৰ আন কেইবাগৰাকীও প্ৰাৰ্থী । বিশ্বনাথৰ বামগাঁৱৰ উপাসনা বৰাই ৪২ সংখ্যক স্থানত উত্তীৰ্ণ হোৱাৰ লগতে ৭৪ সংখ্যক স্থানত বিহালী সমষ্টিৰ বাঘমাৰিৰ পৃথ্বীৰাজ শইকীয়া উত্তীৰ্ণ হয় (74th rank of APSC secured by Prithviraj Saikia)।

সমান্তৰালকৈ ৯১ সংখ্যক স্থানত পাভৈৰ বামুণী পথাৰৰ ভাস্কৰ জ্যোতি দাস উত্তীৰ্ণ হয় (91st rank of APSC secured by Bhaskar Jyoti Das)। ৫৫ সংখ্যক স্থান লাভ কৰি উজলিল গহপুৰৰ পূব ডুবিয়াৰ গুণমণি বৰুৱা আৰু গহপুৰৰে খাৰেগুৰিৰ জিম্পি শইকীয়া ।

লগতে পঢ়ক :APSC CCE final result declared: APSCৰ ২২ সংখ্যক স্থানত উজলিল কলিয়াবৰৰ টিংকুজ্যোতি চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.