ETV Bharat / state

বিশ্বনাথত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

author img

By

Published : Jul 17, 2021, 9:51 PM IST

বিশ্বনাথত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ : ট্ৰাকসহ আটক চালক
বিশ্বনাথত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ : ট্ৰাকসহ আটক চালক

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিশ্বনাথ চাৰিআলিৰ আবকাৰী বিভাগ আৰু আৰক্ষীয়ে ৷ বিশ্বনাথ চাৰিআলি আবকাৰী বিভাগৰ অভিযানত উদ্ধাৰ ১৬৯ কেচ অৰুণাচলী সুৰা আৰু ৪০ বস্তা আলু ৷

বিশ্বনাথ, 17 জুলাই: বিশ্বনাথ চাৰিআলি আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷ শুকুৰবাৰে মাজনিশা বিশ্বনাথ চাৰিআলিৰ আবকাৰী বিভাগ আৰু আৰক্ষীয়ে চলোৱা অভিযানত জব্দ এই বৃহৎ পৰিমাণৰ সুৰা ৷ অৰুণাচলৰ বান্দৰদেৱাৰ পৰা গুৱাহাটী অভিমুখী এখন আলু ভৰ্তি ট্ৰাকৰ পৰা আবকাৰী বিভাগ আৰু আৰক্ষীয়ে মিলি এই বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, গোপন সূত্ৰৰ পৰা প্ৰাপ্ত তথ্যাৰ ভিত্তিত বিশ্বনাথ চাৰিআলি আবকাৰী বিষয়া(Biswanath Chariali Excise Officer)ই এই অভিযান চলাইছিল ৷

বিশ্বনাথত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ : ট্ৰাকসহ আটক চালক

বিশ্বনাথ চাৰিআলি আবকাৰী বিষয়াই জানিবলৈ দিয়া অনুসৰি, মাজনিশা প্ৰায় ১ বজাত বান্দৰদেৱাৰ পৰা অহা ডি আৰ ০১ জি কে ৫০৮১ নম্বৰৰ আলু ভৰ্তি ট্ৰাকখন ৰখাবলৈ বিশ্বনাথ চাৰিআলিত আবকাৰী বিভাগে (Biswanath Chariali Excise Department) নিৰ্দেশ দিয়ে ৷ কিন্তু, ট্ৰাকখনৰ চালকে আবকাৰী বিভাগৰ নিৰ্দেশ অমান্য কৰি পাৰ হৈ যায় ৷ ইয়াৰ পাচতে আবকাৰী বিষয়া(Biswanath Chariali Excise Officer) আৰু আৰক্ষী(Biswanath Chariali Police)এ লগে লগে ট্ৰাকখনৰ পিছ লৈ কুসুমটোলাত ট্ৰাকখন ধৰিবলৈ সক্ষম হয় ।

biswanath police and excise department seized huge quantity of liquor
বিশ্বনাথত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ : ট্ৰাকসহ আটক চালক

ট্ৰাকখনৰ চালক মহম্মদ হুছেইনকো আৰক্ষীয়ে আটক কৰে । গাড়ীখনত আলু বস্তাৰ ভিতৰত ১৬৯ কেচ অৰুণাচলী সুৰা আৰু ৪০ বস্তা আলু উদ্ধাৰ কৰে আবকাৰী বিষয়া আৰু আৰক্ষীয়ে ৷ ট্ৰাকখন অৰুণাচলৰ বান্দৰদেৱাৰ পৰা বিহাৰলৈ গৈ থকা বুলি জানিবলৈ দিয়ে বিশ্বনাথ মহকুমা আবকাৰী বিভাগৰ উপ অধীক্ষক দ্বীপেন বৰা আৰু বিশ্বনাথ মহকুমা আবকাৰী পৰিদৰ্শন শৰৎ তমুং আৰু চতিয়া চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত বৰাই ।

লগতে পঢ়ক : শোণিতপুৰত শিথিল নহয় ক’ভিড বিধি : অব্য়াহত লকডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.