ETV Bharat / state

শোণিতপুৰত অসম ৰাইফলছৰ উদ্যোগত বাইক ৰেলী

author img

By

Published : Aug 14, 2022, 12:26 PM IST

Sonitpur
শোণিতপুৰত অসম ৰাইফছৰ উদ্যোগত বাইক ৰেলী

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে শোণিতপুৰৰ লখৰাত অসম ৰাইফলছৰ উদ্যোগত উলিওৱা হৈছে বাইক ৰেলী (Assam Rifles bike rally at Sonitpur)। ৪০ খন বাইকেৰে বালিপাৰা, ৰঙাপৰা, মিছন চাৰিআলি আৰু তেজপুৰ চহৰকে ধৰি শোণিতপুৰ জিলাৰ সকলো মুখ্য সংযোগস্থল সামৰি ৬০ কিলোমিটাৰ দূৰত্ব সামৰি লয় এই বাইক ৰেলীয়ে । গুপ্তকাশী বিশ্বনাথঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত যন্ত্ৰ চালিত নাৱৰ জৰিয়তে জাতীয় পতাকা লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টি ।

বিশ্বনাথ, ১৪ আগষ্ট : দেশৰ 76 তম্ স্বাধীনতা দিৱসলৈ মাত্ৰ কেইটামান ঘণ্টা বাকী । চাৰিওফালে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে । চাৰিওফালে উৰিছে ত্ৰিৰংগ । চৰকাৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ বাবে ইতিমধ্য় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি তথা 76 তম্ স্বাধীনতা দিৱস উদযাপনৰ বাবে চৰকাৰে আৰম্ভ কৰা স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi ka Amrit Mahotsav) উপলক্ষে ঠায়ে ঠায়ে আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ ।

শোণিতপুৰ জিলাত অসম ৰাইফলছৰ উদ্যোগত উলিওৱা হ'ল বিশেষ বাইক ৰেলী (Assam Rifles bike rally at Sonitpur)। ১৭ নং অসম ৰাইফলছ আৰু মুখ্য কাৰ্যালয়ৰ ২১ নং চেক্টৰ মহাপৰিদৰ্শক অসম ৰাইফলছৰ (পূৱ) অধীনত শোণিতপুৰৰ লখৰা বেটেলিয়নৰ উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱৰ উপলক্ষে এই বাইক ৰেলীৰ আয়োজন কৰা হয় ।

শোণিতপুৰত অসম ৰাইফলছৰ উদ্যোগত বাইক ৰেলী

চৰকাৰৰ ঘৰে ঘৰে জাতীয় পতাকা অভিযান সফল কৰাৰ উদ্দেশ্যে ৰাইজক সজাগ কৰিবলৈ এই বাইক ৰেলীৰ আয়োজন কৰা হয় । কাৰ্যসূচী অনুসৰি শনিবাৰে লখৰা বেটেলিয়নৰ কাৰ্যালয়ৰ পৰা পুৱা ৯ বজাত এই ৰেলী আৰম্ভ হয় । লখৰা গেৰিছনৰ পৰা ৪০ খন বাইকেৰে বালিপাৰা, ৰঙাপৰা, মিছন চাৰিআলি আৰু তেজপুৰ চহৰকে ধৰি শোণিতপুৰ জিলাৰ সকলো মুখ্য সংযোগস্থল সামৰি ৬০ কিলোমিটাৰ দূৰত্ব সামৰি লয় এই বাইক ৰেলীয়ে ।

এই বাইক ৰেলী ৰঙাপাৰা মহাবিদ্যালয়ত অন্ত পৰে । আনহাতে, বিয়লি ৩ বজাত ১৭ নং অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় লখৰাৰ নৈশ্য চকীদাৰ সূৰ্য ধীৰজৰ নেতৃত্বত গুপ্তকাশী বিশ্বনাথঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত যন্ত্ৰ চালিত নাৱৰ জৰিয়তে জাতীয় পতাকা লৈ ৰাইজৰ মাজত এক সজাগতা সৃষ্টি কৰে ।

লগতে পঢ়ক : ধুবুৰীত ত্ৰিৰংগ পতাকাৰে উজলিল ব্ৰহ্মপুত্ৰৰ বুকু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.