ETV Bharat / state

ধ্বংসৰ গৰাহত আহোম ৰজাদিনীয়া কীৰ্তিচিহ্ন বাসুদেৱ দৌল

author img

By

Published : Sep 14, 2020, 2:15 PM IST

পৰিৱৰ্তনকামী চৰকাৰৰ প্ৰত্নত্তত্ব বিভাগে কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত কেনেদৰে নিষ্ক্ৰীয় ভূমিকা পালন কৰিছে তাৰ এক উদাহৰণ দেখা পোৱা গ'ল গহপুৰত ৷ প্ৰত্নতত্ত্ব বিভাগৰ হেমাহিৰ বাবে বছৰ বছৰ ধৰি এলাগী হৈ ৰৈছে গহপুৰৰ দক্ষিণ কলাবাৰীত থকা আহোম ৰজাদিনীয়া কীৰ্তি চিহ্ন বাসুদেৱ দৌল ৷

Basudev Daul on the verge of destruction
ধ্বংসৰ গৰাহত আহোম ৰজাদিনীয়া কীৰ্তিচিহ্ন বাসুদেৱ দৌল

বিশ্বনাথ,14 ছেপ্তেম্বৰঃ ক্ৰমাৎ ধ্বংসৰ গৰাহত আহোম ৰজাদিনীয়া কীৰ্তি চিহ্নসমূহ ৷ পৰিৱৰ্তনকামী চৰকাৰৰ প্ৰত্নত্তত্ব বিভাগে কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত কেনেদৰে নিষ্ক্ৰীয় ভূমিকা পালন কৰিছে তাৰ এক উদাহৰণ দেখা পোৱা গ'ল গহপুৰত ৷ প্ৰত্নতত্ত্ব বিভাগৰ হেমাহিৰ বাবে বছৰ-বছৰ ধৰি এলাগী হৈ পৰি ৰৈছে গহপুৰৰ দক্ষিণ কলাবাৰীত থকা আহোম ৰজাদিনীয়া কীৰ্তিচিহ্ন বাসুদেৱ দৌল ৷

ধ্বংসৰ গৰাহত আহোম ৰজাদিনীয়া কীৰ্তিচিহ্ন বাসুদেৱ দৌল

১৬৭৯ ৰ পৰা ১৬৮১ খৃষ্টাব্দত আহোম স্বৰ্গদেউ চুলিকফা ওৰফে ল'ৰা ৰজাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল বাসুদেৱ দৌল ৷ বিশ্বনাথ জিলাৰ গহপুৰৰ দক্ষিন কলাবাৰীত নিৰ্মাণ কৰা দৌলটোয়ে অতীজৰে পৰা বহন কৰি আহিছে আহোম ৰাজত্ব কালৰ ঐতিহ্য ৷ ইটাৰে সজা ২০ মিটাৰ ওখ বাসুদেৱ দৌলত ভগৱান বসুদেৱৰ ধাতৱ মূৰ্ত্তি পূজা কৰা হয় ৷ কিন্তু পৰিতাপৰ বিষয় এইয়ে যে, ৰাজ্য চৰকাৰ আৰু প্ৰত্নতত্ত্ব বিভাগৰ তিলমানো গুৰুত্ব নাই দৌলটোৰ প্ৰতি ৷ যাৰ পৰিপ্ৰেক্ষিতত দৌলটোৰ চাৰিওফালে এতিয়া ভৰি পৰিছে হাবি-জংঘলে ৷ তদুপৰি বিষাক্ত সাপ আৰু বাদুলীৰ বাসস্থানলৈ পৰিণত হৈছে দৌলটোৰ ভিতৰভাগ ৷

আহোম ৰজাদিনীয়া কীৰ্তিচিহ্ন স্বৰূপ দৌলটো মেৰামতি কৰাৰ ক্ষেত্ৰত প্ৰত্নতত্ব বিভাগে মাজে সময়ে ব্যৱস্থা গ্ৰহণ কৰি থাকে যদিও আজি পৰ্যন্ত দৌলটোক পূৰ্ণাংগ ৰূপত সজাই-পৰাই তুলি পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ তদুপৰি দৌলটোৰ ভিতৰত পৰ্যটক সোমোৱাৰ ব্যৱস্থা থকাৰ পৰিৱৰ্তে আছে বন্ধ হৈ থকা লোৰ গে'ট ৷

আহোম ৰজাদিনীয়া দৌলটো পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো অসমৰ ঐতিহ্য,কীৰ্তিচিহ্নৰ সংৰক্ষণৰ কথা কোৱা পৰিৱৰ্তনকামী চৰকাৰে কিয় বাসুদেৱ দৌলৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই সেইয়া এক ডাঙৰ প্ৰশ্ন ৷ আনহাতে গহপুৰৰ স্থানীয় জনপ্ৰতিনিধি গৰাকীয়ে এইক্ষেত্ৰত উদ্যোগ লোৱাৰ ক্ষেত্ৰত আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই ৷ প্ৰত্নতত্ত্ব বিভাগৰ হেমাহি আৰু জনপ্ৰতিনিধিৰ হেমাহিৰ বাবেই যে এদিন ইতিহাসপ্ৰসিদ্ধ কীৰ্তিচিহ্নটো ধ্বংসস্তুপত পৰিণত হৈ হেৰাই যাব সেইায় নুই কৰিব নোৱাৰি ৷

লগতে পঢ়কঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নতুন আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.