ETV Bharat / state

বিশ্বনাথত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 9:16 AM IST

Allegations of corruption in road construction in Biswanath
বিশ্বনাথত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

Corruption in road construction : বিশ্বনাথত ঠিকাদাৰৰ বিৰুদ্ধে পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত কৰা অভিযোগ । অতি নিম্নখাপৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ অভিযোগ ঠিকাদাৰ জনৈক পৰিমল শইকীয়াৰ বিৰুদ্ধে । শীঘ্ৰ পথ পুনৰ নিৰ্মাণৰ দাবী ৰাইজৰ ।

বিশ্বনাথত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ

বিশ্বনাথ, ৫ জানুৱাৰী : ৰাজ্যৰ বাট-পথৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বহু অভিলাসী আঁচনি । কিন্তু প্ৰকৃতাৰ্থত কিমান ফলপ্ৰসূ হৈছে এই আঁচনিসমূহ ? আঁচনি ৰূপায়ণৰ নামত একাংশ ঠিকাদাৰে চলাই গৈছে অবাধ দুৰ্নীতি । এইবাৰ বিশ্বনাথত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ পোহাৰ মেলিছে এজন ঠিকাদাৰে ।

নিম্নমানৰ কামৰে দুৰ্নীতি-লুণ্ঠনকেই একমাত্ৰ মূলধন হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ তেজপুৰৰ জনৈক পৰিমল শইকীয়া নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে । প্ৰধানমন্ত্ৰী গ্ৰামীন চড়ক যোজনাৰ অধীনৰ ১ কোটি ৭৭ লাখ ৪২ হাজাৰ ৯৯৯ টকাৰ ব্যয় সাপেক্ষে লোকনিৰ্মাণ বিভাগৰ দ্বাৰা বিশ্বনাথৰ নৱপুৰৰ পৰা জাপৰি গুৰিলৈ প্ৰায় ৮.০৬ কিলোমিটাৰৰ এটা পকীপথ নিৰ্মাণৰ বাবে তেজপুৰৰ জনৈক পৰিমল শইকীয়াই ঠিকা লাভ কৰিছিল ।

২০২২ চনৰ অক্টোবৰ মাহত আৰম্ভ হোৱা পথটোৰ নিৰ্মাণৰ কাম ২০২৩ চনৰ জুন মাহত সমাপ্ত হ'ব লাগিছিল । কিন্তু ঠিকাদাৰৰ হেমাহি, গাফিলতি আৰু বিভাগীয় অভিযন্তাৰ অমনোযোগিতাৰ বাবে অতি লেহেমীয়াকৈ বহুদিন পথটোত শিল পেলাই স্থানীয় লোক, পথচাৰীক যন্ত্ৰণা ভোগাই আহিছিল । পিচত কেইদিনমান পূৰ্বে নিৰ্মাণ কৰি দিলে যদিও অতি নিম্নখাপৰ সামগ্ৰী ব্যৱহাৰ কৰি কামটো সমাপন কৰে ।

বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ লগতে লিখিত অভিযোগ দিছিল স্থানীয় ৰাইজে ৷ কিন্তু ইমানৰ পিচতো আজি পৰ্যন্ত কোনো বিভাগীয় লোক পথটো পৰিদৰ্শনৰ বাবে উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ য'ত নেকি পথটোৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয় ।

ইফালে, জনৈক পৰিমলে নিৰ্মাণ কৰা নৱপুৰ-জাপৰিগুৰি হৈ বি জি ৰোডলৈ আন এটা পকী পথো একেধৰণৰ নিম্নমানৰ কাম কৰাৰ অভিযোগ আছে দীৰ্ঘদিনীয়া ৷ মুঠৰ ওপৰত সমগ্ৰ বিশ্বনাথ চাৰিআলিতে বহুকেইটা পথ নিৰ্মাণৰ কাম হাতত লৈ দুৰ্নীতিৰ পোহাৰ মেলি অভিযোগ লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ পৰিমল শইকীয়াৰ বিৰুদ্ধে ৷

কিন্তু ইমানৰ পিচতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ অতিশীঘ্ৰে পথচোৱা পুনৰ নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: ডাম্পাৰৰ বেটাৰী চোৰৰ মূল অভিযুক্ত ভাইজানসহ চাৰি চোৰক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.