ETV Bharat / state

পৰ্যটনৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ লৈ বিশ্বনাথৰ এখন জনজাতীয় গাঁও

author img

By

Published : Sep 23, 2021, 7:01 PM IST

A tribal village at biswanath for the hope of tourism
পৰ্যটনৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ লৈ বিশ্বনাথৰ এখন জনজাতীয় গাঁও

অসম-অৰুণাচল সীমান্তৱৰ্তী এখন জনজাতীয় গাঁও ৷ গ্ৰাম্য পৰ্যটনেৰে বিশ্বনাথৰ এখন গাঁৱত দৃষ্টি নন্দন পৰিৱেশ ৷ এক আশাৰ ৰেঙনি বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰখনলৈ ৷

বিশ্বনাথ,23 ছেপ্তেম্বৰ : গ্ৰাম্য পৰ্যটন বৰ্তমান সমগ্ৰ বিশ্বতে পৰ্যটনৰ এক জনপ্ৰিয় মাধ্যম । অসমৰ গ্ৰামাঞ্চলৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, খেতি পথাৰ, গ্ৰাম্য জীৱন প্ৰণালী, বিভিন্ন জনজাতীয় কৃষ্টি-সংস্কৃতি এই সকলোবোৰ হ’ব পাৰে পৰ্যটকৰ আকৰ্ষণৰ একো একোটা কেন্দ্ৰবিন্দু ৷ এই লক্ষ্যৰেই বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তত অৱস্থিত এখন সৰু গাঁও কাৰ্বি ব্লক ক্ৰ আৰঙক লৈ বিশ্বনাথত আৰম্ভ হৈছে গ্ৰাম্য পৰ্যটনৰ এক নতুন চিন্তা চৰ্চা ৷

পৰ্যটনৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ লৈ বিশ্বনাথৰ এখন জনজাতীয় গাঁও

বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী এটা সৰু অঞ্চল ৷ নাম কাৰ্বি ব্লক । এই সীমান্তৱৰ্তী অঞ্চলটোক লৈ এতিয়া বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰ খনলৈ এক আশাৰ ৰেঙনি দেখা গৈছে । প্ৰকৃতিয়ে যেন সৰ্বস্ব উজাৰি দিছে এই সৰু ঠাইখনক । কাৰ্বি জনগোষ্ঠীৰ মিলন ভূমি এই অঞ্চলক লৈ এতিয়া আৰম্ভ হৈছে গ্ৰাম্য পৰ্যটনৰ আখৰা ।

সকলো যেন ব্যস্ত এতিয়া এই পৰ্যটন ক্ষেত্ৰ খনক লৈ । এই গ্ৰাম্য পৰ্যটনৰ ৰূপৰেখা প্ৰস্তুত কৰিছে উত্তৰ অসমৰ আগশাৰী শিক্ষানুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ে । ২০২১ চনৰ জানুৱাৰী মাহত কাৰ্বি ব্লক ক্ৰ আৰঙত সেই সময়ত বিশ্বনাথ মহাবিদ্যালয়ৰ এখন ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ অধীনত এটা শিবিৰ স্থাপন কৰা হৈছিল ৷ উদ্দেশ্য আছিল গাঁওখনক এখন স্বচ্ছ গাঁও হিচাপে গঢ়ি তোলা ।

লগতে পঢ়ক : নিয়ৰসিক্ত দুবৰিৰ দলিচাৰে নামি আহিছে শৰৎ

প্ৰায় ৩৫ বিঘা মাটি কালিৰে এই ইক’ কেম্পটো এতিয়া বিশ্বনাথৰ বহুতৰে বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । বাঁহেৰে নিৰ্মাণ কৰা ওখ টাৱাৰটোৰ পৰা সমগ্ৰ কেম্পটোৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি । শিশুয়ে খেলিব পৰাকৈ স্থাপন কৰা হৈছে কেইপদ মান খেলৰ সামগ্ৰীও । ইয়াৰ আন এক বিশেষত্ব হ’ল ঠাইখণ্ডত থকা এটা হ্ৰদ ।

পথাইজান নদীৰ জুৰিটোৰ পাৰত থকা এই হ্ৰদটোক লৈ এক বিশেষ পৰিকল্পনাও কৰিছে অঞ্চলবাসীয়ে । ইয়াত থাকিব দুখন হাত নাও আৰু দুখন পেডেল নাও ।এই নৌকা বিহাৰ সম্পূৰ্ণ হৈ উঠিলে পৰ্যটকৰ বাবে আৰু অধিক আকৰ্ষণীয় হৈ উঠিব এই টুৰিষ্ট স্পটটো । চোৱা-চিতাৰ দায়িত্ব লোৱা বিশ্বনাথ মহাবিদ্যালয়ৰ ফালৰ পৰা লাভ কৰা ১ লাখ টকা আৰু এন এচ এছৰ ফালৰ পৰা লাভ কৰা ৩০ হেজাৰ টকা মুলধন হিচাপে লৈ এই পৰ্যটন স্থলী নিৰ্মাণ কৰা উদ্যোক্তা সকল খুৱেই আশাবাদী ।

লগতে পঢ়ক : শেৱালিৰ সুবাস, কঁহুৱাৰ শুকুলা হাঁহি আঁৰি সংগোপনে আহিছে শৰৎ

নতুন নতুন ঠাই পৰিভ্ৰমণ কৰাৰ হাবিয়াস মানুহৰ এক সহজাত প্ৰবৃত্তি । ইফালে সময়ৰ লগে লগে পৰ্যটন ক্ষেত্ৰসমূহেও লাভ কৰি আহিছে গুৰুত্ব । ভাৰতৰ লগতে বৰ্তমান অসমৰ পৰ্যটন ক্ষেত্ৰখনো এক আকৰ্ষণৰ স্থলী হিচাবে পৰিগণিত হৈছে । অসমৰ গ্ৰামাঞ্চলৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, খেতি পথাৰ, গ্ৰাম্য জীৱন প্ৰণালী, বিভিন্ন জনজাতীয় কৃষ্টি-সংস্কৃতি এই সকলোবোৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ যথেষ্ট থল আছে । সেইবাবে অসমৰ পৰ্যটন অৰ্থনীতি, নিয়োগ আৰু আয় বৃদ্ধিৰ ক্ষেত্ৰত গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ আছে প্ৰয়োজনীয়তা ।

লগতে পঢ়ক : স্বচ্ছ গাঁৱৰ খিতাপ লাভ কৰা অসমৰ এখন বিশেষ গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.