ETV Bharat / state

চেলুনৰ ব্যৱসায়েৰে আত্মনিৰ্ভৰশীলতাৰ পথ দেখুৱাইছে আছু নেতাই

author img

By

Published : Jul 7, 2020, 8:35 PM IST

থলুৱা বজাৰ দখলৰ লগতে নিৱনুৱা সমস্যা দূৰ কৰাৰ বাবে আগবাঢ়ি আহিছে চতিয়াৰ এগৰাকী যুৱক ৷ চতিয়াৰ ভাৰত নাথ নামৰ যুৱকগৰাকীয়ে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাৰে আৰম্ভ কৰিছে এখন চেলুন ৷ উক্ত ব্যৱসায় আৰম্ভ কৰা ভাৰতে সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উপ-সভাপতি হিচাপে দায়িত্ব বহন কৰি আছে ৷

a soft story of an youth of sootea biswanath assam etv bharat news
আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টা ভাৰত নাথৰ

চতিয়া,৭ জুলাই: সম্প্ৰতি এচাম যুৱ প্ৰজন্মই চৰকাৰী চাকৰিৰ পিছত হাবাথুৰি নাখাই আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে বিভিন্ন কামত হাত দিছে ৷ চতিয়াৰ ভাৰত নাথ নামৰ এগৰাকী যুৱকে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাৰে আৰম্ভ কৰিছে এখন চেলুন ৷ শোণিতপুৰৰ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ অন্তৰ্গত কাঠবাৰীৰ মুখ্য ব্যৱসায়িক কেন্দ্ৰস্থলত যুৱকজনে আৰম্ভ কৰিছে এই ব্যৱসায় ৷ চেলুনখনৰ জৰিয়তে যুৱকজনে এই ব্যৱসায়ত থলুৱা লোকৰ অংশগ্ৰহণ দাবী কৰিছে ৷ নিচেই কম মূলধনেৰে আৰম্ভ কৰা উক্ত ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হ’বলৈ যুৱকগৰাকীয়ে নৱপ্ৰজন্মক আহ্বান জনাইছে ৷

আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টা ভাৰত নাথৰ

নিজ গাঁৱৰে অন্য এগৰাকী যুৱকৰ সৈতে উচ্চ প্ৰশিক্ষণ লাভ কৰি এই কৰ্ম কৰিবলৈ আগবাঢ়ি আহে ভৰত ৷ চেলুনখন মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথে ৷ নাথে যুৱকজনৰ এই কাৰ্যৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে কৰ্ম সংস্কৃতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ চিন্তা কৰিবলৈ নৱ প্ৰজন্মক আহ্বান জনায় ৷ ইপিনে উক্ত ব্যৱসায় আৰম্ভ কৰা ভাৰতে দায়িত্ব বহন কৰি আহিছে সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উপ-সভাপতি হিচাপে ৷ থলুৱা বজাৰ দখলৰ লগতে নিৱনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে কিছু পৰিমাণে সহায় কৰিব বুলি যুৱক গৰাকী যথেষ্ঠ পৰিমাণে আশাবাদী হৈ পৰিছে ৷

লগতে চাওকঃ অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.