ETV Bharat / state

বিশ্বনাথৰ এখন গাঁৱত 80 গৰাকী লোক কৰ’ণাত আক্ৰান্ত

author img

By

Published : May 31, 2021, 5:06 PM IST

বিশ্বনাথৰ চতিয়াত এখন বিয়াৰ পৰা গণ সংক্ৰমণ ৷ গোসাঁই চাপৰি গাঁৱত আক্ৰান্ত হৈছে ৮০ গৰকীকৈ লোক ৷

বিশ্বনাথৰ এখন গাঁৱত 80 গৰাকীকৈ কৰ’ণাত আক্ৰান্ত
বিশ্বনাথৰ এখন গাঁৱত 80 গৰাকীকৈ কৰ’ণাত আক্ৰান্ত

বিশ্বনাথ, ৩১ মে': ৰাজ্যত ক’ৰণাৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে এচাম অবিবেচক লোক এতিয়াও সজাগ হোৱা নাই ৷ যাৰ ফলত গণ সংক্ৰমনৰ দিশে আগবাঢ়িছে চতিয়াৰ গোসাঁই চাপৰি গাওঁ ৷

গাওঁখনত যোৱা দুদিনৰ ভিতৰত কৰ’ণাত আক্ৰান্ত হৈছে ৮০ জনকৈ লোক ৷ চতিয়াৰ গোসাঁই চাপৰিৰ এই গণ সংক্ৰমণৰ প্ৰধান কাৰণ হ’ল গাওঁখনত অনুষ্ঠিত হোৱা তিনিখনকৈ বিয়া ৷ উক্ত গাঁওখনত এজন যুৱকৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু হৈছিল যোৱা ২৪ মে' তাৰিখত ৷ কিন্তু তাৰ পিছটো গাওঁখনত অনুষ্ঠিত হ’ল বিয়া কেইখন ৷

যাৰ ফলত এজনৰ পিছত এজনকৈ গাওঁখনত 80 জনকৈ লোক ক’ভিড 19ত আক্ৰান্ত হৈছে ৷ বৰ্তমানলৈ গাঁওখনত আক্ৰান্তৰ সংখ্যা হ’ল ৮০ গৰকী ৷ প্ৰশাসনে গাওঁখনক কণ্টেইনমেণ্ট জ’ন হিছাপে ঘোষণা কৰিছে যদিও কিন্তু এতিয়াও সজাগ নহয় গাওঁখনৰ একাংশ লোক ৷

কাৰণ স্বাস্থ্য বিভাগৰ লোকৰ ভাষ্য মতে এতিয়াও ক’ভিড পৰীক্ষাৰ বাবে আগ্ৰহী নহয় গাওঁখনৰ অধিকাংশ লোক ৷ ইপিনে চতিয়াৰ চৰাইজনীয়া নামৰ গাওঁখনতো এদিনৰ ভিতৰত আক্ৰান্ত হয় ৬ জনকৈ লোক ৷

লগতে পঢ়ক : শান্তি নিৱাস বৃদ্ধাশ্ৰমলৈ কিয় আহিল বিধায়ক জয়ন্ত মল্ল বৰুৱা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.