ETV Bharat / state

দিনযোৰা কাৰ্যসূচীৰে বিহালী প্ৰেছ ক্লাৱৰ 30 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 6:50 AM IST

30th foundation day celebrations of behali press club
দিনযোৰা কাৰ্যসূচীৰে বিহালী প্ৰেছ ক্লাৱৰ 30 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

বিহালী প্ৰেছ ক্লাৱৰ 30 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ সোমবাৰে বিহালীৰ নাচবৰস্থিত বিমলা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত উদযাপন কৰা হয় বিহালী প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস (Foundation Day celebrations of Behali Press Club) ।

বিশ্বনাথ, 2 জানুৱাৰী : সোমবাৰে বিহালী প্ৰেছ ক্লাৱৰ 30 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ বিহালীৰ নাচবৰস্থিত বিমলা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত সোমবাৰে বিহালী প্ৰেছ ক্লাবৰ 30 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনযোৰাকৈ উদযাপন কৰা হয় । পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি দীপক শৰ্মাই ।

তাৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত আকস্মিক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় । আকস্মিক প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় হিচাপে বিবেচিত হয় ক্ৰমে ঋতুস্মিতা হাজৰিকা, ডিম্পী মাহাতু আৰু যুটীয়াভাৱে অঞ্জুমণি ওৰাং আৰু বিস্মিতা দেৱী । চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে নিকিতা তেলেঙা, পিণ্টু তেলেঙা আৰু আকাশী ওৰাং ।

দুপৰীয়াৰ পৰা অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মাই । সভাৰ আঁ‌ত ধৰে সম্পাদক শ্ৰীমন্ত দাস আৰু প্ৰাক্তন সম্পাদক দিগন্ত কুমাৰ দাসে । আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে বিশ্বনাথ চাৰিআলিৰ সমাজকৰ্মী দিলীপ কাকতিয়ে । তেখেতে নিজৰ বক্তব্যত কয় সাংবাদিকসকলে নীতি-আদৰ্শ বজাই ৰাখি, সত্য-নিষ্ঠ, যুক্তিসিদ্ধ, সমাজৰ উপকাৰ হোৱাকৈ বাতৰি পৰিৱেশন কৰিব লাগে ৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যাদা অটুট ৰাখিবলৈকো আহ্বান জনায় ।

প্ৰতিমা বৰুৱা পাণ্ডে বঁ‌টাপ্ৰাপক বিনোদ খনালেও নিজৰ বক্তব্যত কয় যে, বিহালীৰ সাংবাদিকে সদায় দহৰ উপকাৰী, সমাজৰ হিতসাধন কৰা, সত্যৰ ওপৰত প্ৰতিষ্ঠিত সংবাদ পৰিৱেশন কৰাটো আমি বিচাৰো ৷ তেতিয়াহে সাংবাদিকৰ দায়ৱদ্ধতা স্পষ্ট ৰূপত ফুটি উঠিব আৰু নতুন দিগন্তৰ সূচনা হ'ব বুলি তেও মন্তব্য কৰে ৷

সভাত বিহালীৰ সমাজ সেৱক জয় কুমাৰ সুতাৰক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি জয় কুমাৰ সুতাৰে বিহালী প্ৰেছ ক্লাৱৰ বিভিন্ন সমাজমুখী পদক্ষেপক ভূয়সী প্ৰশংসা কৰে ৷ পূৱ বিহালী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰতাপ ৰয়ে নিজৰ বক্তব্যত কয় ‘‘সাংবাদিক এজন সমাজৰ অতন্দ্ৰ প্ৰহৰী হ'ব লাগে, যাতে সমাজৰ কিবা উপকাৰ হয় ৷’’

লগতে পঢ়ক : এখনি হালধীয়া সাগৰ; বিহালী কাঠনিবাৰীত সৰিয়হ খেতিত ব্যস্ত শিক্ষিত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.