ETV Bharat / state

হত্যা নে আত্মহত্যা : মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

author img

By

Published : Jun 24, 2020, 11:41 PM IST

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলাত এগৰাকী বোৱাৰীক স্বামীয়ে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উঠিছে। স্বামী ছোৰহাব আলীয়ে দীৰ্ঘ দিনৰ পৰাই যৌতুকৰ দাবীত পত্নীক শাৰীৰিক-মানসিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মৃত মহিলা গৰাকীৰ আত্মীয়ই।

woman suspected death in borpeta
woman suspected death in borpeta

জনীয়া, 24 জুন : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলা গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৱে অঞ্চল ব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লাংলা গাঁৱৰ বাসিন্দা ছোৰহাব আলীৰ পত্নীৰ মৃত্যুৰ ঘটনাক লৈ সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ মহিলাগৰাকীয়ে আত্মহত্যা কৰা বুলি স্বামীগৃহই জানিবলৈ দিছে যদিও মহিলাগৰাকীৰ পৰিয়ালৰ মতে, এইয়া এক হত্যাকাণ্ড ৷

মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

অভিযোগ অনুসৰি দীৰ্ঘ দিন ধৰি পত্নীক যৌতুক দাবী কৰি শাৰীৰিক-মানসিক অত্যাচাৰ কৰি আহিছিল ছোৰহাব আলীয়ে। মহিলাগৰাকীৰ পিতৃ পৰিয়ালে ছোৰহাব আলীয়ে দাবী কৰা মতে যৌতুকৰ ধন দিব নোৱাৰাৰ বাবেই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি আত্মীয়ই সাংবাদিকৰ আগত প্ৰকাশ কৰে। আত্মহত্যাৰ খবৰ পিতৃ পৰিয়ালক দিয়া হয় যদিও মহিলাগৰাকীৰ আত্মীয়ক ৰহস্যজনকভাৱে মৃতদেহ প্ৰত্যক্ষ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। কলগাছিয়া আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰিছে। দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবী জনাইছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : আৰক্ষীৰ জালত গভাইত ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.