ETV Bharat / state

BMCH news: চিকিৎসা ল’বলৈ আহি ঘূণীয়া হ’ল এটি শিশু

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 6:39 PM IST

barpeta medical college hospital
চিকিৎসা ল’বলৈ আহি পংগু হ’ল এটি শিশু

বৰপেটা মেডিকেল কলেজত চিকিৎসা ল’বলৈ আহি পংগু হ’ল এটি শিশু ৷ সবিশেষ আগলৈ-

চিকিৎসা ল’বলৈ আহি পংগু হ’ল এটি শিশু

বৰপেটা, ২৬ অক্টোবৰ : বৰপেটা মেডিকেল কলেজ হাস্পতালত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড । চিকিৎসাকৰ্মীৰ গাফিলতিৰ বাবে চিৰদিনলৈ পংগু হ’ল এটি দেৱ শিশু ৷ নাৰ্চৰ অনুপস্থিতিত ৱাৰ্ড বয়ৰ বাবে পংগু হ’বলগীয়া হ’ল দেৱ শিশুটি ৷ ৱাৰ্ড বয়ে কাটি পেলালে অসুস্থ শিশুটিৰ আঙুলি । বিগত একসপ্তাহ পূৰ্বে বৰপেটাৰ গাগলমাৰীৰ পোন্ধৰমহীয়া ৰুবেল আলম নামৰ শিশুটি নিউমনিয়া ৰোগত আক্ৰান্ত হৈ ভৰ্তি হৈছিল বৰপেটা মেডিকেল কলেজ হাস্পতালৰ শিশুৰোগ বিভাগত ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, বৃহস্পতিবাৰে শিশুটিক ৰিলিজ দিয়াৰ পিচতে শিশুটিৰ হাতত লগাই থোৱা কেনুলা (cannula) খোলাৰ সময়তে কেঁচীৰে শিশুটিৰ কেঞা আঙুলিটো কাটি বিচ্ছিন্ন কৰিলে ৱাৰ্ড বয়ে । চিকিৎসক তথা নাৰ্চ থকাৰ পিচতো কিয় ৱাৰ্ড বয়ে খুলিবলৈ গৈছিল শিশুটিৰ কেনুলা তাকে লৈ এতিয়া মেডিকেলৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈছে ।

নাৰ্চ, ৱাৰ্ড বয় আৰু লগতে চিকিৎসালয় কৰ্তৃপক্ষৰ ভুলৰ বাবে চিৰদিনৰ বাবে পংগু হ’বলগীয়া হ’ল পোন্ধৰমহীয়া কণমানি শিশুটি । এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত এনেদৰেই চলিছে নেকি চিকিৎসা সেৱা । ঘটনা সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য বিভাগে উপযুক্ত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবনে ? চিৰদিনৰ বাবে পংগু হোৱা শিশুটিয়ে এতিয়া ন্যায় পাবনে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালৰ লোকে ?

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিৰ বাবে ৰোগীয়ে মৃত্যুক সাৱটি লোৱাৰ বাতৰি সংবাদমাধ্যমত বিভিন্ন সময়ত প্ৰকাশ হৈ আহিছে ৷ কৰবাত যদি চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে ৰোগীয়ে মৃত্যুক সাৱটিবলগীয়া হৈছে, আন কৰবাত আকৌ চিকিৎসকৰ অনুপস্থিতিত বা অজ্ঞাতে অনভিজ্ঞ চিকিৎসাকৰ্মীয়ে চিকিৎসা কৰি ৰোগীৰ জীৱনক বিপদৰ মাজলৈ ঠেলি দিয়াৰ ঘটনাও সংঘটিত হৈছে ৷ বৰপেটাৰ এই ঘটনাটো এনেবোৰ চিকিৎসাজনিত গাফিলতিৰ অন্যতম এক উদাহৰণ ৷

লগতে পঢ়ক : Hit and Run: ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু বাইক আৰোহীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.