ETV Bharat / state

কলগাছিয়াত ব্যৱহাৰৰ অনুপযোগী কোটিটকীয়া পকী দলং

author img

By

Published : Dec 9, 2020, 9:43 AM IST

Unusable bridge at kalgachia
কলগাছিয়াত ব্যৱহাৰৰ অনুপযোগী কোটি টকীয়া পকী দলং

কলগাছিয়াৰ শওপুৰত যাতায়তৰ বাবে যমৰ যাতনা ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে ৷ তদুপৰি দীৰ্ঘদিনে ব্যৱহাৰৰ অনুপযোগী হৈ থকা এখন কোটিটকীয়া পকী দলঙেও জ্বলা-কলা খুৱাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক ৷

জনীয়া,9 ডিচেম্বৰঃ পৰিৱৰ্তনকামী চৰকাৰে ঘোষণা কৰা উন্নয়নসমূহ যেন কেৱল মাত্ৰ ভাষণ আৰু বিজ্ঞাপনৰ মাজতে আৱদ্ধ হৈ আছে ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল কলগাছিয়াত ৷

কলগাছিয়াত ব্যৱহাৰৰ অনুপযোগী কোটি টকীয়া পকী দলং

কলগাছিয়াৰ শওপুৰত যাতায়তৰ বাবে যমৰ যাতনা ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে ৷ তদুপৰি দীৰ্ঘদিনে ব্যৱহাৰৰ অনুপযোগী হৈ থকা এখন কোটি টকীয়া পকী দলঙেও জ্বলা-কলা খুৱাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক ৷ জানিব পৰা মতে, 2009 চনতে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওপুৰত বেকী নদীৰ গৰাখহনীয়াই শওপুৰৰ পৰা জনীয়া-কাদং লৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পকী পথটো ভাঙি নিছিল ৷ ইয়াৰ পিছতে সংযোগবিহীন হৈ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে কোটি টকীয়া দলংখন ৷

যাৰ পৰিপ্ৰেক্ষিতত শওপুৰ, কালামপুৰ, চানপুৰ, সোনাপুৰ আদি গাঁৱৰ সহস্ৰাধিক ৰাইজ যাতায়তৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ আনহাতে, অতি শীঘ্ৰে দলংখনৰ লগত সংযোগ স্থাপন হোৱাকৈ কালামপুৰ-চানপুৰলৈ যোৱা পথ নিৰ্মাণ কৰি দিবলৈ দাবী জনাইছে সৰ্বসাধাৰণ ৰাইজে ৷

লগতে পঢ়কঃপুলৱামাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলিয়াগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.