ETV Bharat / state

Dead body recovered at Barpeta: বৰপেটাৰ কেওঁটকুছিত যুৱতীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Nov 9, 2022, 1:40 PM IST

বৰপেটাৰ কেওঁটকুছিত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ (Body of unidentified girl found at Barpeta)। যুৱতীগৰাকীক হত্যা কৰি মৃতদেহটো খাৱৈত মেটেকাৰ তলত লুকুৱাই থোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ৷

Death body recovered at Barpeta
বৰপেটাৰ কেওঁটকুছিত মহিলাৰ মৃতদেহ উদ্ধাৰ

বৰপেটা , ৯নৱেম্বৰ: বৰপেটা জিলাৰ কেওঁটকুছিত এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে (Dead body recovered at Barpeta) ৷ বৰপেটা-দৌলাশাল-গুৱাহাটী পথৰ কাষৰ এটা খাৱৈত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত চাঞ্চল্য়ৰ সৃষ্টি হয় (Unknown death body recovered in Keotkuchi)।

বৰপেটাৰ কেওঁটকুছিত মহিলাৰ মৃতদেহ উদ্ধাৰ

বৰপেটা জিলা দণ্ডাধীশে উল্লেখ কৰা অনুসৰি প্ৰায় ২৫ বছৰ বয়সীয়া চুৰিদাৰ পৰিহিতা যুৱতীগৰাকীৰ মৃতদেহটোৰ ডিঙিত দোপাত্তাখন মেৰিয়াই থোৱা অৱস্থাত আছে ৷ কোনো লোকে যুৱতীগৰাকীক ডিঙিত দোপাত্তাখনেৰে মেৰিয়াই হত্যা কৰি মৃতদেহটো খাৱৈত মেটেকাৰ তলত লুকুৱাই থোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি কেওঁটকুছিৰ একাংশ কিশোৰে উক্ত খাৱৈটোত মাছ মাৰিবলৈ অহাৰ সময়তে মেটেকাৰে ঢাকি থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে (Dead body recovered in pond of Barpeta) ৷ ইয়াৰ পিছতেই এই কিশোৰকেইজনে ঘটনাটো সম্পৰ্কে স্থানীয় ৰাইজক জনোৱাত ৰাইজে বৰপেটা সদৰ থানাৰ আৰক্ষীক অবগত কৰে (Barpeta Police station) ৷

পিছত বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা, উপ-আৰক্ষী অধীক্ষক ড৹ প্ৰদীপ শইকীয়া আৰু বৰপেটা সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰে (Barpeta Superintendent of Police) ৷ সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্য়ালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে ( Fakhruddin Ali Ahmed Medical College Hospital)। ইতিমধ্য়ে ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ৷

লগতে পঢ়ক:CRPF destroyed illegal liquor: মেৰাপানীত লিটাৰে লিটাৰে চুলাই ধ্বংস কৰিলে চি আৰ পি এফে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.