ETV Bharat / state

সৰ্থেবাৰীত অচিনাক্ত বৃদ্ধ উদ্ধাৰ: চিকিৎসালয়ত ভৰ্তি

author img

By

Published : Aug 6, 2020, 11:34 AM IST

সৰ্থেবাৰীত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত বৃদ্ধ ৷ উদ্ধাৰ হোৱা ব্যক্তিগৰাকীয়ে পাহৰি গৈছে নিজ পৰিচয় ৷ সৰ্থেবাৰী আৰক্ষীয়ে চিকিৎসাৰ বাবে বৃদ্ধগৰাকীক ভৰ্তি কৰিছে ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

Unidentified old man rescued in Sarthebari Barpeta Assam etv bharat news
সৰ্থেবাৰীত অচিনাক্ত বৃদ্ধ উদ্ধাৰ

বৰপেটা,৬ আগষ্ট: বৰপেটাৰ সৰ্থেবাৰীত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত বৃদ্ধ ৷ প্ৰায় ষাঠিৰোৰ্ধৰ বয়সৰ বৃদ্ধগৰাকীক কেন্দ্ৰ কৰি বিভ্ৰান্তিত পৰিছে স্থানীয় ৰাইজ ৷ কিয়নো উদ্ধাৰ হোৱা ব্যক্তিগৰাকীয়ে পাহৰি গৈছে নিজ পৰিচয় ৷ কেতিয়াবা যদি নিজৰ পৰিচয় পাহৰিছে কেতিয়াবা আকৌ নিজকে আনচাৰ আলী বুলি চিনাকী দিছে ৷ বৃদ্ধগৰাকীৰ এই আচৰণে সমস্যা সৃষ্টি কৰিছে অঞ্চলটোত ৷ আনহাতে,ব্যক্তিগৰাকীয়ে নিজৰ বাসগৃহ এবাৰ হাজো বুলি কোৱাৰ বিপৰীতে এবাৰ বৰপেটাৰ চুতীয়াপাৰা বুলিও প্ৰকাশ কৰিছে ৷ শাৰিৰীকভাৱে অসুস্থ বৃদ্ধগৰাকীক একপ্ৰকাৰ অচেতন অৱস্থাত উদ্ধাৰ কৰাৰ পিছত স্থানীয় সংবাদকৰ্মী অৰ্ণৱজ্যোতি ডেকাৰ সহযোগত সৰ্থেবাৰী আৰক্ষীয়ে চিকিৎসাৰ বাবে জিলাখনৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱায় ৷

সৰ্থেবাৰীত অচিনাক্ত বৃদ্ধ উদ্ধাৰ

ইতিমধ্যে আৰম্ভ কৰা হৈছে বৃদ্ধগৰাকীৰ চিকিৎসা সেৱা ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয় কৰ্তৃপক্ষই বৃদ্ধগৰাকীৰ পৰা সংগ্ৰহ কৰিছে স্বাৱৰ নমুনা ৷ স্বাৱ পৰীক্ষাৰ ফলাফল প্ৰকাশৰ পিছত বৃদ্ধগৰাকীক সাময়িকভাৱে প্ৰেৰণ কৰা হ’ব নলবাৰীস্থিত সাংবাদিক মজিবুৰ ৰহমান নেতৃত্বাধীন শান্তি নিৱাস বৃদ্ধাশ্ৰমলৈ ৷ যদিহে চিকিৎসাধীন অৱস্থাত বৃদ্ধাগৰাকীৰ পৰিচয় চিকিৎসালয় কৰ্তৃপক্ষই লাভ কৰে তেন্তে বৃদ্ধগৰাকীক পৰিয়ালৰ লোকক গতাই দিয়া হ’ব ৷

লগতে চাওকঃ বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড:লক্ষাধিক মূল্যৰ সম্পত্তি বিনষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.