ETV Bharat / state

সৰ্থেবাৰী আৰক্ষীৰ অভিযানত গাঞ্জা সহ গ্ৰেপ্তাৰ দুই চোৰাং ব্যৱসায়ী

author img

By

Published : Jun 21, 2020, 4:07 PM IST

গ্ৰেপ্তাৰ হোৱা দুই ব্যৱসায়ী নলবাৰী জিলাৰ বৰ্ণিৰ বালাপাৰা চুপাৰ মৰহুম আনাদোহা আলীৰ পুত্ৰ কাদেৰ আলী ওৰফে বগা আলী আৰু মৰহুম তালেৱ আলীৰ পুত্ৰ আইজুদ্দিন আহমেদ ৷

Two Cannabis smuggler arrested by Harthebari police
সৰ্থেবাৰী আৰক্ষীৰ অভিযানত গাঞ্জা সহ গ্ৰেপ্তাৰ দুই চোৰাং ব্যৱসায়ী

বৰপেটা ২১ জুন: সৰ্থেবাৰী আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ গাঞ্জা সহ দুই গাঞ্জাৰ চোৰাং ব্যৱসায়ী ৷ সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চিনাদীৰ পৰা গ্ৰেপ্তাৰ কৰে দুই দুই ব্যৱসায়ীক ৷

Two Cannabis smuggler arrested by Harthebari police
সৰ্থেবাৰী আৰক্ষীৰ অভিযানত গাঞ্জা সহ গ্ৰেপ্তাৰ দুই চোৰাং ব্যৱসায়ী

গ্ৰেপ্তাৰ হোৱা দুই ব্যৱসায়ী নলবাৰী জিলাৰ বৰ্ণিৰ বালাপাৰা চুপাৰ মৰহুম আনাদোহা আলীৰ পুত্ৰ কাদেৰ আলী ওৰফে বগা আলী আৰু মৰহুম তালেৱ আলীৰ পুত্ৰ আইজুদ্দিন আহমেদ বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

সৰ্থেবাৰী আৰক্ষীৰ অভিযানত গাঞ্জা সহ গ্ৰেপ্তাৰ দুই চোৰাং ব্যৱসায়ী

আৰক্ষীয়ে অৱগত কৰা অনুসৰি, গাঞ্জা খিনি বিক্ৰীৰ বাবে চিনাদী গাঁৱলৈ আহোঁতেই স্থানীয় ৰাইজৰ সহযোগত দুয়োকে গ্ৰেপ্তাৰ কৰে সৰ্থেবাৰী আৰক্ষীয়ে ৷ উল্লেখ্য যে অঞ্চলটোত গঢ়ি উঠা অবৈধ মদ-গাঞ্জাৰ ব্যৱসায়ীৰ দৌৰাত্মই উদ্বিগ্ন কৰি তুলিছিল সচেতন মহলক ৷ আৰক্ষীৰ সফলতাৰ শলাগ লৈছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়কঃ ধেমাজিৰ বৰধামত গাই নদীয়ে ছিঙিলে মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.