ETV Bharat / state

বৰপেটাৰত অৰ্জুন চন্দ্ৰ দাসৰ সোৱঁৰণত স্মৃতিচাৰণ সভা

author img

By

Published : Sep 13, 2022, 8:15 PM IST

মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ(Madhav Chaudhary College) অধ্যক্ষ তথা বৰপেটাৰ সত্ৰীয়া সমাজ, সাংস্কৃতিক সমাজ , সাহিত্য সভাৰ লগতে অনেক অনুষ্ঠানৰ গুৰি ধৰোতা অৰ্জুন চন্দ্ৰ দাসৰ স্মৃতিত এখন ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সভাৰ আয়োজন কৰা হয় । বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠক, অৰ্জুন চন্দ্ৰ দাসৰ পত্নী প্ৰিয়ম দাসৰ লগতে বিভিন্নজনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ৷

Memorial Meeting of Arjun Chandra Das
বৰপেটাৰত অৰ্জুন চন্দ্ৰ দাসৰ স্মৃতিচাৰণ সভা

বৰপেটা, ১৩ ছেপ্টেম্বৰ: কৰ'ণাৰ প্ৰাদুৰ্ভাৱে ভয়াৱহতা কঢ়িয়াই অনাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজত দেখা দিছিল পূৰ্বে নেদেখা নানান পৰিৱেশ ৷ ইয়াৰ মাজতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল বৰপেটাৰ এগৰাকী বিশিষ্ট ব্যক্তি তথা বৰপেটা শিৰোমণি বঁটাপ্ৰাপক, সমাজ সংগঠক তথা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰ্জুন চন্দ্ৰ দাসে ৷ বৰপেটাৰ সমাজ জীৱনৰ পৰা এইগৰাকী কাণ্ডাৰীয়ে দুবছৰ পূৰ্বে কৰ'ণাত আক্ৰান্ত হৈ আঁতৰি গৈছিল ৷ বৰপেটাৰ সমাজ জীৱনৰ লগত উতঃপুতঃ ভাৱে জড়িত এইগৰাকী সমাজ সংগঠকৰ প্ৰতি ৰাজহুৱা স্মৃতি তৰ্পণৰ উদ্দেশ্যে সোমবাৰে বৰপেটাত অনুষ্ঠিত হয় এখনি স্মৃতিচাৰণ সভা(Memorial Meeting of Arjun Chandra Das)৷

বৰপেটাৰত অৰ্জুন চন্দ্ৰ দাসৰ স্মৃতিচাৰণ সভা

মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ(Madhav Chaudhary College) অধ্যক্ষ তথা বৰপেটাৰ সত্ৰীয়া সমাজ, সাংস্কৃতিক সমাজ , সাহিত্য সভাৰ লগতে অনেক অনুষ্ঠানৰ গুৰি ধৰোতা অৰ্জুন চন্দ্ৰ দাসৰ স্মৃতিত এখন ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সভাৰো আয়োজন কৰা হয় । বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠক, অৰ্জুন চন্দ্ৰ দাসৰ পত্নী প্ৰিয়ম দাসৰ লগতে বিভিন্নজনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ৷

বৰপেটা সত্ৰৰ নহাটীৰ বাট চ'ৰাত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত বিশিষ্ঠ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ লগতে প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, ড৹বিৰিঞ্চি কুমাৰ দাস, অনিল দাস, ছৱিলাল দাস আদি বহুসংখ্যক লোকে অৰ্জুন চন্দ্ৰ দাসৰ জীৱন সোঁৱৰণ কৰে ৷ উক্ত অনুষ্ঠানতে কুলদীপ দাসে অৰ্জুন চন্দ্ৰ দাসৰ প্ৰতিচ্ছবি এখন অংকন কৰি প্ৰিয়ম দাসৰ হাতত অৰ্পণ কৰে ৷

লগতে পঢ়ক:অধ্যক্ষৰ ভূমিকাত অসন্তুষ্ট কংগ্ৰেছৰ সদন ত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.