ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : May 22, 2022, 4:59 PM IST

top-10-at-5pm
5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি

Tense Situation at Batadrava : পৰিস্থিতি পৰিদৰ্শন কৰি কি ক’লে বিধায়িকা শিৱামণি বৰাই ?

এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি শনিবাৰে জ্বলিল বটদ্ৰৱা থানা(Mob burns down Batadrava Police Station in Assam) ৷ হাঁহ আৰু 10,000 টকা নিদিয়াৰ বাবেই আৰক্ষীৰ প্ৰহাৰত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ ৷ উত্তেজিত লোকে সংঘটিত কৰিলে লংকা কাণ্ড(Tense Situation at Batadrava) ৷ দেওবাৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে স্থানীয় বিধায়িকা শিৱামণি বৰা আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান জি পি সিং ৷

Fuel price reduced : দ্বিতীয় দিনাও হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

দেশবাসীলৈ চৰকাৰৰ সাময়িক সকাহ । পেট্ৰ'লৰ ওপৰত আবকাৰী শুল্ক ৮ টকা আৰু ডিজেলত ৬ টকা হ্ৰাস কৰাৰ কথা ঘোষণা চৰকাৰৰ (Petrol Diesel prices reduced)। ইয়াৰ লগে লগে প্ৰতি লিটাৰ পেট্ৰ'লত ৮.৬৯ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৭.০৫ টকাকৈ হ্ৰাস হ'ল ।

ৰাণা পগাগক জেৰা চলায় কি কি তথ্য পালে গড়মূৰ আৰক্ষীয়ে ?

সম্প্ৰতি ৰাণ পগাগ আৰু জোনমণি ৰাভাৰ বাতৰিয়ে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Jonmoni Rabha controversy)। ৫ দিনৰ আৰক্ষীৰ জিম্মাত থকা ৰাণা পগাগক সোমবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব । কিন্তু মাজুলীৰ গড়মূৰ আৰক্ষীয়ে ৰাণা পগাগৰ ওচৰৰ পৰা কি কি জব্দ কৰিলে ? প্ৰৱঞ্চনাৰ গোচৰ সন্দৰ্ভত কি কি তথ্য লাভ কৰিলে আৰক্ষীয়ে ?

কমলপুৰত স্থাপন হ'ব ফ'ৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় : দিগন্ত কলিতা

স্বাধীনতাৰ ৭০ টা বছৰৰ পিচত কমলপুৰ অসম তথা কমলপুৰ সমষ্টিলৈ আহিল এক সুখবৰ । শীঘ্ৰেই কমলপুৰত স্থাপন কৰা হ'ব ফ'ৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়(Forensic science university at Kamalpur) । কমলপুৰৰ দিনকৰ নামৰ ঠাইত স্থাপন হ'ব এই বিশ্ববিদ্যালয়খন । বিশ্ববিদ্যালয়খনৰ ১৫/১৬ টা বিভাগত থাকিব বিশেষ শিক্ষা ব্যৱস্থা । সংবাদ মাধ্যমযোগে এই কথা প্ৰকাশ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই । ইফালে, জুন মাহৰ ভিতৰতে এই ফ'ৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়খনিৰ শিলান্যাস হোৱাৰ সম্ভাৱনা থকাৰ কথাও প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

তিনি সপ্তাহৰ অন্তত উন্নত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বান পৰিস্থিতি

তিনিটা সপ্তাহে বানত বুৰিল গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ এটা অংশ(Flood in Guwahati University) । ১৭ মে'ত চৰকাৰৰ জলসম্পদ বিভাগে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত নলা খান্দি পানী নিষ্কাশনৰ কাম হাতত লয় । অৱশেষত তিনি সপ্তাহৰ অন্তত উন্নত হৈছে বিশ্ববিদ্য়ালয়খনৰ বান পৰিস্থিতি(Artificial flood situation at Guwahati University improves) ।

বৰপেটাত জেহাদীৰ বিৰুদ্ধে NIAৰ অভিযান

অসমৰ বৰপেটা জিলাৰ দুটাকৈ স্থানত NIAৰ অভিযান (NIA operation in Barpeta)। জেহাদী সংগঠনত যোগদান কৰিবলৈ আৰু ভাৰতত আল-কায়েদাৰ আধাৰ সৃষ্টিৰ বাবে স্লিপাৰ চেলত কাম কৰিবলৈ প্ৰভাৱশালী যুৱক-যুৱতীসকলক নিয়োগ কৰাৰ অভিযোগত চলোৱা হৈছিল এই তালাচী । অভিযানত বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ ।

Flood in Assam : ৰহাৰ দীঘলীয়াআটিত বানৰ কৱলত পৰি এজনৰ মৃত্যু

ৰাজ্যত অব্যাহত আছে বান বিভীষিকা (Flood situation is remain same in Assam) । বানত ডুব গৈছে ইখনৰ পিছত সিখনকৈ গাঁৱৰ কৃষিভূমি । বানৰ কৱলত পৰি ইতিমধ্যে প্ৰাণ হেৰুৱাইছে কেইবাজনো লোকে (Many people died flood in Assam)৷ এইবাৰ ৰহাৰ দীঘলীয়াআটিত বানৰ কৱলত পৰি মৃত্যু হ'ল এজন লোকৰ ।

ধুবুৰীৰ গৌৰীপুৰত অখিল গগৈ: AIUDF ক মৌলবাদী দল আখ্যা

ধুবুৰীত উপস্থিত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ(Akhil Gogoi in Dhuburi) । ধুবুৰীত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য বিধায়কগৰাকীৰ । চৰকাৰৰ লগতে AIUDF তথা বদৰুদ্দিন আজমলক তীক্ষ্ণ সমালোচনা গগৈৰ(Akhil criticize AIUDF and Assam Gvt.) ।

চৰাইদেউত ৰ'দ-বৰষুণৰ ফলত নষ্ট হৈছে বহু মূল্যবান ঔষধ

চৰাইদেউৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰাংগণত ৰ'দে বৰষুণে পৰি থাকি নষ্ট হৈছে বহু মূল্যবান ঔষধ ৷ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ শীঘ্ৰেই এটা ঔষধৰ ভঁৰাল নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান সচেতন মহলৰ ৷

গোৱালপাৰা কুৰ্শ্বাপাকৰীত বন বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

গোৱালপাৰা কুৰ্শ্বাপাকৰীত বন বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ (Public protest against forest department in Goalpara) ৷ বন্যহস্তীৰ গোচকত এমাহত দুজনৰ প্ৰাণহানি ৷ দুদিনত চল্লিশটা ঘৰ বিনষ্ট কৰে বন্যহস্তীৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.