কমলপুৰত স্থাপন হ'ব ফ'ৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় : দিগন্ত কলিতা

By

Published : May 22, 2022, 2:16 PM IST

thumbnail

স্বাধীনতাৰ ৭০ টা বছৰৰ পিচত কমলপুৰ অসম তথা কমলপুৰ সমষ্টিলৈ আহিল এক সুখবৰ । শীঘ্ৰেই কমলপুৰত স্থাপন কৰা হ'ব ফ'ৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়(Forensic science university at Kamalpur) । কমলপুৰৰ দিনকৰ নামৰ ঠাইত স্থাপন হ'ব এই বিশ্ববিদ্যালয়খন । বিশ্ববিদ্যালয়খনৰ ১৫/১৬ টা বিভাগত থাকিব বিশেষ শিক্ষা ব্যৱস্থা । সংবাদ মাধ্যমযোগে এই কথা প্ৰকাশ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই । ইফালে, জুন মাহৰ ভিতৰতে এই ফ'ৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়খনিৰ শিলান্যাস হোৱাৰ সম্ভাৱনা থকাৰ কথাও প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.