ETV Bharat / state

Azadi Ka Amrit Mahotsav: জনিয়াত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি

author img

By

Published : Aug 6, 2022, 11:58 AM IST

Tiranga Sales Center opened by SDP in Jania
পতাকা বিক্ৰী কেন্দ্ৰ মুকলি জনিয়াত

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) ৷ আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে এইবাৰ 'ঘৰে-ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে (Har Ghar Tiranga Abhiyan) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জনিয়াতো এই অভিযানৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ৷

জনিয়া, 6 আগষ্ট: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ (75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত উৎসৱ' (Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশত চলি থকা 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানে (Har Ghar Tiranga Abhiyan) অসমতো এক গতি লাভ কৰিছে ।

'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানৰ ব্যাপক কাৰ্যসূচী আৰম্ভ হৈছে অসমতো ৷ এই উপলক্ষে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ দেশজুৰি ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ৷

পতাকা বিক্ৰী কেন্দ্ৰ মুকলি জনিয়াত

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জনিয়াতো 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ মহিলাৰ 'ঘৰে-ঘৰে ত্ৰিৰংগা’ উপলক্ষে এক বিশেষ ৰেলী । জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সভা কক্ষত মন্দিয়া খণ্ড উন্নয়ন প্ৰকল্পৰ অধীনস্থ মহামিলন মণ্ডল পৰ্যায়ৰ সংগঠনটোৰ উদ্যোগত আয়োজন কৰা হয় বিশেষ প্ৰশিক্ষণৰ ৷

এই প্ৰশিক্ষণৰ অন্তত স্কুটি, বাইক আৰু ই- ৰিক্সাৰে এটা ৰেলী উলিয়াই কাদং বজাৰত এখন তিনিবৰণীয়া পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰে মন্দিয়া খণ্ড উন্নয়ন প্ৰকল্প বিষয়া সৌৰভ দাসে (Tiranga Sales Center opened in Jania) ৷

এই কাৰ্যসূচীত খণ্ড সমন্বয়ক ভেনু জ্যোতি দেৱ শৰ্মা, কাদং পঞ্চায়তৰ জীৱিকা সখী হামিদা বেগম , পশু সখী হাওৱা খানম, জনীয়া পঞ্চায়তৰ জীৱিকা সখী আবিদা চুলতানা হক, মহামিলন মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী মৰ্জিয়ানা খাতুন, সম্পাদিকা আনজু মনোৱাৰা খাতুনকে আদি কৰি ভালেসংখ্যক ব্যাক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Har Ghar Tiranga: জোনাইৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মুকলি ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.