ETV Bharat / state

Suspected AQIS linkman nabbed: বৰপেটাত পুনৰ তিনিজন সন্দেহযুক্ত জেহাদীক আটক

author img

By

Published : Apr 25, 2022, 7:03 PM IST

Suspected AQIS linkman nabbed
বৰপেটাত পুনৰ তিনিজন সন্দেহজনক জেহাদীক আটক

অল কায়েদা ইন ইণ্ডিয়ান চাবকন্টিনেন্ট চমুকৈ AQIS ৰ জেহাদ বিয়পোৱাৰ সন্দেহত আটক কৰা হৈছে আন তিনিজন লোকক ৷ বৰপেটাৰ পৰা আটক কৰা হৈছে সন্দেহজনক জেহাদী কেইজনক (Suspected AQIS linkman nabbed in Barpeta) ৷ AQIS ৰ ঘাটি হিচাপে পৰিগণিত হৈ পৰা বৰপেটাৰ ঢাকালিয়াপাৰাৰ আবাচ আলী, ছাদ্দাম হুছেইন আৰু যশিহাটী পাৰাৰ পৰা আইনাল হকক আটক বৰপেটা আৰক্ষীৰ ৷

বৰপেটা, ২৫ এপ্ৰিল : ভাৰতত AQIS ৰ জেহাদৰ জাল বিয়পোৱাৰ দৰে দেশবিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগত বৰপেটাত পুনৰ তিনিজনক সোধপোচৰ বাবে আটক আৰক্ষীৰ (Suspected AQIS linkman nabbed in Barpeta) ৷ AQIS ৰ ঘাটি হিচাপে পৰিচিত হৈ পৰা বৰপেটাৰ ঢাকালিয়াপাৰাৰ আবাচ আলী, ছাদ্দাম হুছেইন আৰু যশিহাটীপাৰাৰ পৰা আইনাল হকক আটক বৰপেটা আৰক্ষীৰ ৷ অৱশ্যে আৰক্ষীয়ে ছাদ্দাম হুছেইনক ঘৰলৈ যাবলৈ দিয়াৰ পৰিৱৰ্তে আবাচ আলী আৰু আইনাল হকক মাৰাথন সোধপোচ চলাই আছে (Jihadi in Assam)৷

সমগ্ৰ ভাৰত উপ-মহাদেশ সামৰি খলিফা ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বাবে বৰপেটাৰ ঢাকালিয়াপাৰাত বাহৰ পাতি বাংলাদেশৰ আনছাৰ উল ইছলামীৰ জেহাদীয়ে AQIS ৰ কাম-কাজ চলাই থকাৰ বহু গোপন তথ্য পোহৰলৈ অহাৰ পাছতেই আৰক্ষী আৰু NIA ৰ মাজত সৃষ্টি হৈছে আতংকৰ (Al Qaeda in Barpeta) ৷ ২০১৯ চনৰ পূৰ্বৰ পৰাই বৰপেটাৰ ঢাকালিয়াপাৰাত ঘাটি পাতি বহা AQIS ৰ বহু গোপন তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ৷ ইপিনে AQIS ৰ জেহাদৰ শিপা বিচাৰি নিৰন্তৰ অনুসন্ধান চলাই আছে NIA য়ে ৷ বৰপেটাত NIA ৰ এটা বৃহৎ গোটে বাহৰ পাতি চলাই আছে ব্যাপক অনুসন্ধান ৷

বৰপেটাত পুনৰ তিনিজন সন্দেহজনক জেহাদীক আটক

তদন্তৰ খাটিৰত বহু কথাই মুকলিকৈ প্ৰকাশ নকৰিলও আৰক্ষীয়ে বিচাৰি পাইছে AQIS ৰ জেহাদৰ জাল বিয়পাই তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰা হাউলীৰ ঢাকালিয়াপাৰা গাঁৱৰ একাংশ স্থানীয় লোকক ৷ এইক্ষেত্ৰত এখন বিশেষ মাদ্ৰাছা আৰু মছজিদৰ পৰাই নিয়ন্ত্ৰিত হৈছিল জেহাদী কাৰ্যকলাপ ৷ তথ্য অনুসৰি বৰপেটাৰ ঢাকালিয়াপাৰাৰ যশিহাটী পাৰাত অৱস্থিত শ্বাইখুল হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছা আৰু স্থানীয় মছজিদৰ পৰাই নিয়ন্ত্ৰিত হৈছিল জেহাদী কাৰ্যকলাপ ৷

মছজিদৰ ইমাম হিচাপে থাকি বাংলাদেশী মহম্মদ সুমন আৰু মাদ্ৰাছাখনৰ অধ্যক্ষ মমিনুল ৰচিদে জেহাদ বিয়পোৱা তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ AQIS ৰ এই জেহাদী কাৰ্যকলাপ বিয়োৱাৰ মুল মাষ্টাৰমাইণ্ডৰূপে কাম কৰি আছিল মাদ্ৰাছাখনৰ অধ্যক্ষ মমিনুল ৰচিদে ৷ বাংলাদেশী আল-কায়দা জেহাদী মহম্মদ সুমনৰ লগতে বৰপেটা আৰক্ষীয়ে ইতিমধ্যে হাউলী চহৰৰ হাজীপাৰা গাঁৱৰ নিজ ঘৰৰ পৰা যোৱা ৭ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অধ্যক্ষ মমিনুল ৰচিদক ৷ ইপিনে ৫ মাৰ্চত গ্ৰেপ্তাৰ হোৱা আনছাৰ উল ইছলামীৰ নেতা মহম্মদ সুমনসহ ৫ জেহাদীৰ লগতে মাদ্ৰাছাৰ অধ্যক্ষ মমিনুল ৰচিদক নিয়াৰ জিম্মাত ৰাখি অনুসন্ধান চলাই থকা হৈছে ৷

এই অনুসন্ধানতে পোহৰলৈ আহিছে মাদ্ৰাছাখনৰ অধ্যক্ষ মমিনুল ৰচিদে বাংলাদেশী মহম্মদ সুমনৰ সৈতে অসমসহ বহু ৰাজ্যত বিয়পাই তোলা জেহাদৰ তথ্য ৷ উল্লেখ্য যে, বৰপেটাৰ হাউলীৰ যশিহাটী পাৰা গাঁৱত অৱস্থিত শ্বাইখুল হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছাখনত ২০১৯ চনৰ পৰা শিক্ষকতা আৰু স্থানীয় মছজিদৰ ইমাম হিচাপে জেহাদৰ জাল পেলোৱাৰ কামত জড়িত আছিল বাংলাদেশী নাগৰিক মহম্মদ সুমন নামৰ অল-কায়েদা জেহাদীটো ৷

মহম্মদ সুমন নামৰ অল-কায়দা জেহাদীটোক গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছিল ভাৰতত AQIS ৰ জেহাদৰ হাতোৰা মেলি দিয়াৰ ভয়ংকৰ তথ্য ৷ ৰাজ্যত জেহাদৰ জাল বিয়পোৱা আৰু জেহাদৰ শিপা বিচাৰি উলিয়াবলৈ বৰপেটাত বাহৰ পাতি থকা NIA আৰু বৰপেটা আৰক্ষীয়ে বহু তথ্য লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে আন বহু সন্দেহজনক লোকৰ ওপৰতো চকু ৰাখিছে ৷ বৰপেটাত AQIS ৰ সৈতে জড়িত আৰু অধিক লোক গ্ৰেপ্তাৰৰো সন্দেহ কৰা হৈছে (Jehadi arrested in Barpeta)৷

ইপিনে আদালতে পূৰ্বে বৰপেটা আৰক্ষীৰ জিম্মাত প্ৰদান কৰা ছয় AQIS জেহাদীৰ ১০ দিনৰ জিম্মাৰ ম্যাদ সোমবাৰে সম্পূৰ্ণ হ’ব ৷ আৰক্ষীয়ে এই ৬ জেহাদীক আদালতত হাজিৰ কৰি ইয়াৰে কেইবাজনো জেহাদীক তদন্তৰ খাটিৰত পুনৰ আৰক্ষীৰ জিম্মাত বিচাৰিব বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Jignesh Mevani latest update : আদালতে জামিন প্ৰদান কৰিলে জিগনেশ মেৱানীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.