গাঞ্জাসহ বৰপেটাত গ্ৰেপ্তাৰ মহিলাসহ তিনি গাঞ্জা ব্যৱসায়ী

author img

By

Published : Sep 11, 2022, 4:15 PM IST

গাঞ্জাসহ বৰপেটাত গ্ৰেপ্তাৰ মহিলাসহ তিনি গাঞ্জা ব্যৱসায়ী
গাঞ্জাসহ বৰপেটাত গ্ৰেপ্তাৰ মহিলাসহ তিনি গাঞ্জা ব্যৱসায়ী ()

বৰপেটাত অব্যাহত আছে ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে অভিযান ৷ শনিবাৰেও বৰপেটা আৰক্ষীয়ে চলালে অভিযান ৷ অভিযান কালত গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে দুজন যুৱকক ৷ আনহাতে দেওবাৰে গাঞ্জাসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে (Ganja seized in Barpeta) ৷

বৰপেটা, ১১ ছেপ্তেম্বৰ: বৰপেটাত ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে তীব্ৰতৰ হৈ উঠিছে আৰক্ষীৰ অভিযান । শনিবাৰে নিশা তাৰাবাৰী আৰক্ষী থানাৰ (Tarabari Police Station) অন্তৰ্গত খঙৰা গাঁৱত চলিল গাঞ্জাৰ বিৰুদ্ধে অভিযান । গোপন খবৰৰ ভিত্তিত তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত উপ-পৰিদৰ্শক সীমান্ত বৰ্মনসহ আৰক্ষীৰ এটা দলে চলায় এই অভিযান ।

খঙৰাৰ চাইফুল আলীৰ ঘৰত চলিল আৰক্ষীৰ অভিযান । অভিযানকালত চাইফুল আলীৰ বাসগৃহৰ পৰা ৩ কে.জি ২২০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে এটা মোবাইল ফোন আৰু নগদ ৭৯০ টকা জব্দ কৰে আৰক্ষীয়ে (Ganja seized in Barpeta)৷ উক্ত অভিযানত গাঞ্জাসহ দুজন যুৱককো আটক কৰে আৰক্ষীয়ে (Arrested with Ganja in Barpeta)।

গাঞ্জাসহ বৰপেটাত গ্ৰেপ্তাৰ মহিলাসহ তিনি গাঞ্জা ব্যৱসায়ী

গাঞ্জাসহ আটক কৰা যুৱকদ্বয় ক্ৰমে খঙৰা গাঁৱৰ ইমান আলীৰ ৩৫ বছৰীয়া পুত্ৰ চাইফুল আলী আৰু প্ৰয়াত ৰফিকুল ইছলাম খানৰ ২২ বছৰীয়া পুত্ৰ চহিদুল খান । আনহাতে ধৃত চাইফুল আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত দেওবাৰে চেঙাৰ পৰা এগৰাকী মহিলা গাঞ্জা ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে (Lady arrested with Ganja in Barpeta)। ধৃত মহিলাগৰাকীৰ পৰা ১ কেজি ৪৯০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে নগদ ২ হাজাৰ টকা আৰু এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে ।

উল্লেখ্য যে মহিলাগৰাকীৰ পৰা চাইফুল আলীয়ে ক্ৰয় কৰিছিল বৃহৎ পৰিমাণৰ গাঞ্জা । ধৃত মহিলাগৰাকী আৰু চাইফুল আলীয়ে দীৰ্ঘদিন ধৰি গাঞ্জাৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ধৃত যুৱক দুজনৰ লগতে মহিলাগৰাকীৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগে ।

লগতে পঢ়ক: লাহৰিজানত ২ কেজি ওজনৰ সোণৰ বিস্কুট জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.