লাহৰিজানত ২ কেজি ওজনৰ সোণৰ বিস্কুট জব্দ

author img

By

Published : Sep 11, 2022, 1:43 PM IST

Diphu

অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত উদ্ধাৰ হৈছে ২ কিঃগ্ৰাঃতকৈও অধিক পৰিমাণৰ সোণ (Gold biscuits seized in Karbi Anglong)। MN-০৩-০৪০৩ নম্বৰৰ নৈশ বাছৰ দুই যাত্ৰীৰ পৰা উদ্ধাৰ সোণখিনি । দুই সৰবৰাহকাৰীক জেৰা অব্যাহত ।

ডিফু,১১ ছেপ্টেম্বৰ : অসম-নাগালেণ্ড সীমান্তত বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ অব্যাহত আছে । সচৰাচৰ ড্ৰাগছকে ধৰি নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বাবে দুষ্টচক্ৰই সীমান্তৱৰ্তী কাৰ্বি আংলঙৰ ঘাইপথ ব্যৱহাৰ কৰা দেখা যায় । যাৰ বাবে বিভিন্ন সময়ত আৰক্ষীয়ে উক্ত পথত অভিযান চলাই বহু নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে ।

লাহৰিজানত ২ কেজি ওজনৰ সোণৰ বিস্কুট জব্দ

ইফালে উত্তৰ-পূৱত সোণৰ অবৈধ সৰবৰাহ অব্যাহত আছে (Gold smuggling in North East) । কাৰ্বি আংলঙৰ উক্ত পথেৰেও একাংশই চলাই গৈছে সোণৰ অবৈধ সৰবৰাহ । শনিবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত উদ্ধাৰ হৈছে ২ কিঃগ্ৰাঃতকৈও অধিক পৰিমাণৰ সোণ (Gold biscuits seized in Karbi Anglong)। যাত্ৰীবাহী বাছৰ দুজন লোকৰ পৰা উদ্ধাৰ কেইবাখনো সোণৰ বিস্কুট ।

গোপন খবৰৰ ভিত্তিত নিশা লাহৰিজান পহৰা চকীৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় অবৈধ সোণখিনি । জানিব পৰা মতে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱপ্ৰতিম কোঁৱৰ, ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুৎফুৰ ৰহমান আৰু লাহৰিজান পহৰা চকীৰ আৰক্ষীৰ দলে চলাইছিল অভিযানটো । গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চিআৰপিএফ কেম্পৰ সন্মুখতেই এক তালাচী চকী স্থাপন কৰে । সেই তালাচীৰ সময়তে মণিপুৰ দিশৰ পৰা আহি থকা MN-০৩-০৪০৩ নম্বৰৰ নৈশ বাছখনৰ পৰা আৰক্ষীয়ে সোণখিনি জব্দ কৰিবলৈ সক্ষম হয় (Police seized 14 gold biscuits)।

অভিযানকাৰী দলটোৱে বাছখনৰ দুজন যাত্ৰীৰ পৰা জব্দ কৰে ১৪ খনকৈ সোণৰ বিস্কুট । লোক দুজন ক্ৰমে মণিপুৰৰ ২৪ বছৰীয়া মহিম আৰু ৪১ বছৰীয়া মাছাৰুদ্দিন বুলি জানিব পৰা গৈছে (Gold smuggler arrested in Karbi Anglong)। সোণৰ বিস্কুট কেইখনৰ ওজন প্ৰায় ২ কিঃগ্ৰাঃ হ'ব বুলি জানিব পৰা গৈছে ।

সোণখিনিৰ লগতে আৰক্ষীয়ে যাত্ৰীৰূপী সৰবৰাহকাৰী কেইটাকো আটক কৰে । ইফালে এই ঘটনাক লৈ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে আৰু ঘটনা তদন্ত অব্যাহত ৰাখিছে । সৰবৰাহকাৰী কেইটাক মাৰাথন জেৰাও অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :ড্ৰাগছসহ মাজদিয়া আৰক্ষীৰ জালত সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.