ETV Bharat / state

সত্ৰনগৰীত চোৰৰ তাণ্ডৱ : বৰপেটাৰ দুখনকৈ সত্ৰত চোৰৰ চাফাই অভিযান

author img

By

Published : Mar 2, 2022, 2:17 PM IST

thief at barpeta shakha satra
সত্ৰৰ বিগ্ৰহ উঠাই উধাও চোৰ

বৰপেটাৰ বিভিন্ন অঞ্চলত চোৰৰ উপদ্ৰৱ অব্যাহত থকাৰ সময়তে এইবাৰ চোৰৰ টাৰ্গেট হৈ পৰিছে সত্ৰ তথা নামঘৰ । একেদিনাই বৰপেটা চহৰৰ দুখনকৈ সত্ৰত চুৰিকাণ্ড সংঘটিত হোৱাক লৈ চহৰখনত সৃষ্টি হৈছে চাঞ্চল্যৰ ।

বৰপেটা, ২ মাৰ্চ : সত্ৰনগৰী বৰপেটাত পুনৰ সত্ৰত চুৰিৰ ঘটনা ৷ চহৰখনৰ দুখনকৈ সত্ৰত চোৰে চলালে চাফাই অভিযান । মধ্য মেটুৱাকুছি গৰখীয়া থান শাখা সত্ৰ আৰু মিলন নগৰ শাখা সত্ৰত সংঘটিত হৈছে চুৰিকাণ্ড ৷

চোৰে লুট কৰি নিলে মধ্য মেটুৱাকুছি গৰখীয়া থান শাখা সত্ৰৰ মূল বিগ্ৰহ ৷ পিতলেৰে নিৰ্মিত আছিল শ্ৰীকৃষ্ণৰ বিগ্ৰহতো ৷ শ্ৰীকৃষ্ণৰ মূল বিগ্ৰহৰ লগতে শাখা সত্ৰ দুখনৰ পৰা চুৰি কৰি নিয়ে কেইবাহাজাৰ টকা প্ৰণামীৰ ধন ৷ নৈমিত্তিক কৰ্ম সম্পাদনৰ বাবে অহা ভকতে পুৱা আহি পোৱাৰ পাছতেই পোহৰলৈ আহে এই চুৰিকাণ্ডৰ ঘটনা ৷

বৰপেটাৰ দুখনকৈ সত্ৰত চোৰৰ চাফাই অভিযান

থান পৰিচালনা সমিতিয়ে জনোৱা মতে, থানখনৰ কীৰ্তনঘৰ সংলগ্ন ভাঁজঘৰৰ মুল দুৱাৰৰ চাৰিটাকৈ তলা ভাঙি চুৰি কৰি নিয়ে থানখনৰ মূল বিগ্ৰহ ৷ ভাঁজঘৰটোত এখন কাঠৰ দৰ্জাৰ লগতে আন এখন লোৰ দুৱাৰ লগোৱা আছিল ৷ চোৰে দুয়োখন দৰ্জাৰ চাৰিটাকৈ তলা ভাঙি ভাঁজঘৰত সোমাই মূল বিগ্ৰহৰ লগতে প্ৰণামীৰ কেইবাহাজাৰ টকা চুৰি কৰি নিয়ে ৷ সত্ৰ দুখনৰ গুৰু আসনৰ কাপোৰ আঁতৰাই পেলায় থৈ যায় চোৰে ৷

একে নিশাই মধ্য মেটুৱাকুছি গৰখীয়া থান শাখা সত্ৰ আৰু মিলন নগৰ শাখাসত্ৰ দুখনত হোৱা চুৰিৰ ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে ৷ শাখাসত্ৰৰ মূল বিগ্ৰহ চুৰিৰ ঘটনাত শোকাহত হৈ পৰিছে সত্ৰখনৰ সৈতে জড়িত লোকসকল ৷

লগতে পঢ়ক: ধুবুৰীৰ ভোটাৰসকলে এইবাৰ কিহৰ ঋণ পৰিশোধ কৰিব লাগিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.