ETV Bharat / state

আৰক্ষীৰ নাকৰ তলতে চোৰৰ টিঘিল-ঘিলনি : CCTV ত আৱদ্ধ দৃশ্য

author img

By

Published : Aug 2, 2021, 10:16 PM IST

Updated : Aug 3, 2021, 7:16 PM IST

কলগাছিয়াৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত সঘনাই সংঘটিত হৈছে চুৰি কাণ্ড । ক’লা মানুহ (Black Man) ৰ আতংকৰ সুযোগ লৈ একাংশ চোৰে সঘনাই অঞ্চলটোত চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ কলগাছিয়া থানাৰ নিচেই ওচৰত থকা দোকানসমূহত কেনেকৈ চুৰিকাণ্ড সংঘটিত হয় তাকে লৈহে আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

theft-at-kalgachia-barpeta-assam-etv-bharat
কলগাছিয়া আৰক্ষীৰ নাকৰ তলতে চোৰৰ টিঘিল-ঘিলনী

কলগাছিয়া, ১ আগষ্ট : কলগাছিয়া আৰক্ষী থানা (Kalgasia Police Station)ৰ অন্তৰ্গত বিভিন্ন বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সঘনাই চুৰিকাণ্ড সংঘটিত হ’বলৈ ধৰিছে ৷ স্থানীয় দোকানৰ স্বত্বাধিকাৰী তথা ৰাইজে আৰক্ষীক ঘটনাৰ বিৰুদ্ধে অৱগত কৰাৰ পাছতো আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ব্যৱসায়ীসকল ৷ ক’লা মানুহ (Black Man) ৰ আতংকৰ সুযোগ লৈ একাংশ চোৰে সঘনাই অঞ্চটোত চুৰিকাণ্ড সংঘটিত কৰি আহিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।

শনিবাৰে নিশা কলগাছিয়া বজাৰৰ মাজমজিয়াস্থিত ছাইফুল ইছলাম নামৰ এজন ব্যৱসায়ীৰ হাৰ্ডৱেৰৰ দোকানত চোৰে চাফাই অভিযান চলাই নগদ ধনসহ লুটি নিয়ে বহু সা-সামগ্ৰী । চোৰে চুৰি কৰা সমগ্ৰ দৃশ্য বন্দী হয় চিচিটিভি (CCTV) কেমেৰাত । পুৱা দোকানৰ মালিক ছাইফুল ইছলামে দোকান খুলিবলৈ আহি পিছফালৰ দৰ্জা খোলা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত এই ঘটনাৰ বিষয়ে কলগাছিয়া আৰক্ষীক অৱগত কৰে ।

CCTV ত আৱদ্ধ চুৰি কাণ্ড

এতিয়া প্ৰশ্ন হয়, কলগাছিয়া আৰক্ষী থানাৰ নিচেই ওচৰত থকা দোকানসমূহত কেনেকৈ চুৰিকাণ্ড সংঘটিত হয় ?

নিশা পেট্ৰলিঙৰ নামত আচলতে কলগাছিয়া আৰক্ষীয়ে কি কৰে ? নে নাকত তেল লগাই টোপনি মাৰে । কলগাছিয়া অঞ্চলৰ বিভিন্ন ঠাইত তীৰ-জুৱা আদি খেল চলি থকাৰ বাবে অঞ্চলটোত চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি সচেতন মহলে প্ৰকাশ কৰিছে । কলগাছিয়া আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে কেনেকুৱা অভিযান চলায় সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে দিয়া স্কুটী ঠেলি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

Last Updated : Aug 3, 2021, 7:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.