ETV Bharat / state

Massive Erosion at Moinbari: ‘‘ক’ত থাকিম ক’লৈ যাম !’’ মইনবৰীত হিয়া ঢাকুৰিছে খহনীয়াগ্ৰস্তই

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 11:34 AM IST

কলগাছিয়াৰ মইনবৰীত বেকী নৈয়ে লৈছে ভয়ংকৰ ৰূপ ৷ খহনীয়াত গৃহীন হৈ পৰিছে 200 টা পৰিয়াল ৷ বেকী নৈয়ে টোপনি কাঢ়িছে নৈপৰীয়া ৰাইজৰ ৷

Massive Erosion at Moinbari
মইনবৰীত খহনীয়াগ্ৰস্তৰ বিননী

মইনবৰীত খহনীয়াগ্ৰস্তৰ বিননী

জনিয়া,25 ছেপ্টেম্বৰ : বাৰম্বাৰ কলগাছিয়াৰ মইনবৰীত বেকী নদীৰ খহনীয়াৰ ভয়ংকৰ ৰূপ বাতৰি সম্প্ৰচাৰৰ পাচতো গা-লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ ঐতিহাসিক মইনবৰীত অধিক ভয়ংকৰ ৰূপ গৰাখহনীয়াই ৷ বেকী নদীৰ বুকুত জাহ গৈছে শ শ পৰিয়ালৰ ভেটি-মাটি, সম্পত্তি, ৰাস্তা-ঘাট, বিদ্যালয়, মন্দিৰ মছজিদ ৷ থাকিবলৈ ঘৰ নোহোৱা হৈছে নৈপৰীয়া ৰাইজৰ ৷ সেয়ে নিৰাপদ আশ্ৰয় বিচাৰি নৈপৰীয়া ৰাইজে ঢাপলি মেলিছে ৰাইজে নিৰাপদ স্থানলৈ ৷

আনহাতে বেকী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে কেইবাখনো বিদ্যালয়, মছজিদ, মাদ্ৰাছা, মইনবৰী বজাৰ আৰু গড়কাপ্তনী পথ ৷ নৈৰ বুকুত বিদ্যালয় জাহ যোৱাৰ পাচত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সৰ্বসাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য যে বিগত 15-20 দিনত প্ৰায় 200 টা পৰিয়ালৰ মাটি-ভেঁটি বেকী নৈৰ বুকুত জাহ গৈছে ফলত কোনোবাই ৰাস্তাৰ কাষত, কোনোবাই বেলেগৰ ঘৰত আশ্ৰয় লৈছে ৷

আনহাতে খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সহায়ৰ বাবে চৰকাৰলৈ আহ্বান জনাই স্থানীয় লোকে ৷ ‘‘আমাৰ ঘৰ নৈ বুকুত জাহ গৈছে ৷ ক’ত থাকিম আমি ! সকলো হেৰুৱালো ৷ মুখ্যমন্ত্ৰী ডাঙৰীয়া ঐতিহাসিক মইনবৰী অঞ্চলটো ৰক্ষা কৰক ৷ স্থায়ী গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সকলো শেষ হ’ব ৷ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এবাৰ আহি চাই যাওক ৷ মন্ত্ৰী পীযুষ হাজৰীকা ডাঙৰীয়া গৰাখহনীয়া ৰোধৰ বাবে ব্যৱস্থ গ্ৰহণ কৰক ৷’’ এই আৱেগিক আহ্বান স্থানীয় ৰাইজৰ ৷

ইফালে গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত সাংসদ আব্দুল খালেক আৰু জিলা প্ৰশাসন নিৰৱ বুলি অভিযোগ ৰাইজৰ ৷

লগতে পঢ়ক: Erosion at Moinbori: ‘‘আমাৰ জন্ম ভাৰতত, আমি ভাৰতীয় ! মামা আমাক চকু মেলি চাওক’’; মইনবড়ীত খহনীয়াগ্ৰস্তৰ বিননি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.