ETV Bharat / state

বৰপেটাৰ সৰ্থেবাৰীত কিশোৰী অপহৰণৰ ঘটনা

author img

By

Published : Jun 13, 2020, 4:01 AM IST

বৰপেটাৰ সৰ্থেবাৰীত কিশোৰী অপহৰণৰ ঘটনা
বৰপেটাৰ সৰ্থেবাৰীত কিশোৰী অপহৰণৰ ঘটনা

মহিবুল ইছলাম নামৰ এজন শ্ৰমিকে কিশোৰী গৰাকীক অপহৰণ কৰাৰ অভিযোগ কিশোৰী গৰাকীৰ অভিভাৱকৰ ৷ আব্দুল জলিল নামৰ এজন লোকৰ সহযোগত কিশোৰীগৰাকীক অপহৰণ কৰা বুলি অভিযোগ কৰি সৰ্থেবাৰী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷

বৰপেটা 13 জুন: বৰপেটাৰ সৰ্থেবাৰী থানাৰ অধীনৰ 7 নং কাৱৈমাৰী ৰিজাৰ্ভত সংঘটিত হয় কিশোৰী অপহৰণৰ ঘটনা ৷ মহিবুল ইছলাম নামৰ এজন শ্ৰমিকে 12 বছৰীয়া কিশোৰী গৰাকীক অপহৰণ কৰাৰ অভিযোগ কিশোৰী গৰাকীৰ অভিভাৱকৰ ৷ অভিযুক্ত মহিবুল ইছলামৰ ঘৰ বৰপেটা জিলাৰ শালমাৰাৰ ভালুকীত । গাঁওখনৰ এটা পথ নিৰ্মাণৰ শ্ৰমিক আছিল মহিবুল ইছলাম । হাউলীৰ আব্দুল জলিল নামৰ এজন লোকৰ সহযোগত কিশোৰীগৰাকীক অপহৰণ কৰা বুলি অভিযোগ কৰি সৰ্থেবাৰী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷

বৰপেটাৰ সৰ্থেবাৰীত কিশোৰী অপহৰণৰ ঘটনা

অপহৃত কিশোৰীগৰাকীৰ লগতে এতিয়াও সন্ধান নাই দুই অভিযুক্তৰ ৷ ইপিনে নিজ কন্যাৰ অপহৰণক লৈ পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷এই ঘটনাক লৈ অঞ্চলটোতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কিশোৰীগৰাকীক শীঘ্ৰে উদ্ধাৰৰ দাবী কৰিছে বিভিন্ন দল সংগঠনে ৷

লগতে পঢ়কঃ পুত্ৰক উভতাই বিচাৰি হুক হুকাই কান্দি উঠিল মাতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.