ETV Bharat / state

Teacher attacked by miscreants in Barpeta: বৰপেটাৰোডত শিক্ষকক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

author img

By

Published : Jan 9, 2023, 8:37 AM IST

বৰপেটাৰোডত লোমহৰ্ষক ঘটনা ৷ শিক্ষকৰ পিঠিত চোকা অস্ত্ৰৰে আক্ৰমণ দুষ্কৃতিকাৰীৰ (Miscreants Attacked teacher in Barpeta) ৷ সংকটজনক অৱস্থাত শিক্ষকগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ ।

Teacher stabbed in the back by the miscreants in Barpeta
শিক্ষকৰ পিঠিত চোকা অস্ত্ৰৰে সানিলে দুষ্কৃতিকাৰীয়ে

শিক্ষকৰ পিঠিত চোকা অস্ত্ৰৰে সানিলে দুষ্কৃতিকাৰীয়ে

বৰপেটাৰোড, 9 জানুৱাৰী : বৰপেটাৰোডৰ খৈৰাবাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । এগৰাকী শিক্ষকক দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে পিঠিত হানি প্ৰাণে মৰাৰ চেষ্টা কৰে (Miscreants Attacked teacher in Barpeta) ৷ শিক্ষকগৰাকীৰ নাম ছানোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে ৷ শিক্ষকগৰাকীৰ ঘৰ বৰপেটাৰোডৰ দোমনীত ৷

ঘটনাৰ বিৱৰণী অনুসৰি জানিব পৰা মতে, প্ৰত্যেক দিনৰ দৰে দেওবাৰে নিশা প্ৰায় 9-30 মান বজাত শিক্ষকগৰাকী নিজৰ বাইকেৰে বৰপেটাৰোডৰ পৰা দোমনীৰ নিজ গৃহাভিমুখে গৈ আছিল ৷ শিক্ষকগৰাকী গৈ থকা অৱস্থাতে খৈৰাবাৰী পোৱাৰ সময়তে পিছফালৰ কোনো অচিনাক্ত দুৰ্বৃত্তই হঠাতে আক্ৰমণ কৰে ৷ দুৰ্বৃত্তই শিক্ষকগৰাকীৰ পিঠিত চোকা অস্ত্ৰৰে হানি আক্ৰমণ কৰে ৷ লগে লগে বাইকৰ পৰা ঢলি পৰে শিক্ষকগৰাকী (Teacher stabbed in the back by the miscreants) ৷

বৰপেটাৰোড আৰক্ষী থানাৰ সহ উপ পৰিদৰ্শক অমৃত কলিতাই জনোৱা মতে, শিক্ষকগৰাকী বাইকেৰে ঘৰলৈ গৈ থকা সময়তে এখন বাইকেৰে দুই দুৰ্বৃত্তই শিক্ষকগৰাকীক অনুসৰণ কৰি পিচা কৰিগৈ আছিল আৰু শিক্ষকগৰাকীক আক্ৰমণ কৰিবলৈ সুযোগ বিচাৰি আছিল দুই দুৰ্বৃত্তই ৷ খৈৰাবাৰীৰ নিজান ঠাইত সুযোগ বুজি পিছফালৰ পৰা চোকা অস্ত্ৰৰে পিঠিত হানি হত্যা কৰাৰ অপচেষ্টা চলায় ৷ শিক্ষকগৰাকীক আক্ৰমণ কৰিয়েই সেই স্থানৰ পৰা দ্ৰুত বেগেৰে বাইকেৰে পলায়ন কৰে দুৰ্বৃত্তৰ দলটোয়ে ৷

আনফালে আক্ৰমণৰ পাছত শিক্ষকগৰাকী ঢলি পৰে মাটিত ৷ আক্ৰমণৰ পাছত বহু সময় সেই নিজান ঠাইতে পৰি ৰয় শিক্ষকগৰাকী ৷ পিছত সেই স্থানেৰে পাৰ হোৱা কোনো স্থানীয় পথচাৰীয়ে তেখেতক পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত সেই স্থানত স্থানীয় ৰাইজ উপস্থিত হৈ ততাতৈয়াকৈ শিক্ষকগৰাকীক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰায় ৷

কিন্তু শিক্ষকগৰাকীৰ অৱস্থা সংকটজনক হোৱা হেতুকে পৰবৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । দুৰ্বৃত্তই কি উদ্দেশ্যত শিক্ষকগৰাকীক আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলাইছিল, সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ ঘটনা সন্দৰ্ভত বৰপেটাৰোড আৰক্ষীয়ে এটা গোচৰ ৰুজো কৰাৰ লগতে আক্ৰমণকাৰীৰ সন্ধানত তদন্ত আৰু অভিযান আৰম্ভ কৰিছে ৷

উল্লেখ্য যে ৰাজ্যৰ অন্যান্য প্ৰানতৰ সমান্তৰালকৈ বৰপেটা জিলাতো দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা (Crime in Barpeta) ৷ বৃদ্ধি পাইছে চুৰি ডকাইতি, আক্ৰমণ আদিৰ দৰে নানানটা ঘটনা ৷ বিশেষকৈ নিশাৰ ভাগত সংঘটিত হৈ আহিছে এইসমূহ ঘটনা ৷ আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই উপৰ্যুপৰি আক্ৰমণ চলাই লুটি নিছে ধন ৷ ক’বলৈ গ’লে যেন এতিয়া বৰপেটাৰোডকে ধৰি জিলাখনৰ জনসাধাৰণ একপ্ৰকাৰে হৈ পৰিছে অসুৰক্ষিত ৷ এনে পৰিস্থিতিত এইসমূহ অপৰাধ নিয়ন্ত্ৰণৰ লগতে অপৰাধীক কৰায়ত্ত কৰিবলৈ বৰপেটা জিলা আৰক্ষীয়ে কিমান কঠোৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যনীয় ?

লগতে পঢ়ক: Crime in Kalgachia: অপৰাধীয়ে নিদ্ৰা হৰিছে কলগাছিয়াবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.