ETV Bharat / state

অৱশেষত আৰক্ষীৰ জালত মুনাফালোভী শিক্ষক আনিচুৰ ৰহমান

author img

By

Published : Aug 25, 2021, 12:44 PM IST

vaccine coupon seller of barpeta civil hospital arrested
ভেকচিনৰ নামত কুপন বিক্ৰী কৰা শিক্ষকক গ্ৰেপ্তাৰ

বৰপেটা অসামৰিক চিকিৎসালয়ত(Barpeta Civil Hospital) ক’ভিড প্ৰতিষেধক/ভেকচিনৰ(Covid Vaccine) নামত কুপন বিক্ৰী কৰা শিক্ষক আনিচুৰ ৰহমানক গ্ৰেপ্তাৰ ৷ ভেকচিন প্ৰদানৰ বিপৰীতে কুপন বিক্ৰী কৰা সন্দৰ্ভত মঙলবাৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই চৰজমিন তদন্ত কৰে ৷ চিকিৎসালয়খনৰ অধীক্ষকে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হয় মুনাফালোভী শিক্ষকগৰাকী ৷

জনীয়া, 25 আগষ্ট : অৱশেষত গ্ৰেপ্তাৰ হ’ল বৰপেটা অসামৰিক চিকিৎসালয়ত(Barpeta Civil Hospital) ক’ভিড প্ৰতিষেধক/ভেকচিনৰ(Covid Vaccine) নামত কুপন বিক্ৰী কৰা শিক্ষকগৰাকী ৷ চিকিৎসালয়খনত ক’ভিড ভেকচিন প্ৰদানৰ দায়িত্বত থকা শিক্ষক আনিচুৰ ৰহমানে ভেকচিন প্ৰদানৰ বিপৰীতে কুপন বিক্ৰী কৰি এই ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷

মঙলবাৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ঘটনা সন্দৰ্ভত চৰজমিন তদন্ত কৰাৰ লগতে বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষকক শিক্ষকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় । ইয়াৰ পাচতে চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামচুল আলমে কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

ভেকচিনৰ নামত কুপন বিক্ৰী কৰা শিক্ষকক গ্ৰেপ্তাৰ

অধীক্ষকৰ এজাহাৰৰ ভিত্তিত কুপন বিক্ৰীৰ সৈতে জড়িত শিক্ষক আনিচুৰ ৰহমানক কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ কিন্তু ঘটনাৰ সৈতে জড়িত এজন চাহৰ দোকানী জাহান উদ্দিন পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: বৰপেটা অসামৰিক চিকিৎসালয়ত 50 টকাতে উপলব্ধ ক’ভিড ভেকচিন !

উল্লেখ্য যে, 50-100 টকা মূল্যৰ বিনিময়ত শিক্ষকগৰাকীয়ে গোপনে বিক্ৰী কৰিছিল ক’ভিড ভেকচিন । চিকিৎসালয়খনত নগদ ধনৰ বিপৰীতে ভেকচিন অথবা প্ৰতিষেধক ক্ৰয় কৰা সকলেহে লাভ কৰিছিল ভেকচিন ৷ ফলত ভেকচিন গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল অধিকাংশ ৰাইজ ৷

কেন্দ্ৰটোৰ ভেকচিন প্ৰদানৰ দায়িত্বত ন্যস্ত থকা পূৱ গুণিয়ালগুৰি এম ই মাদ্ৰাছাৰ শিক্ষক আনিচুৰ ৰহমানে নিজৰ স্বাক্ষৰ সম্বলিত কুপন যোগান ধৰি আহিছিল চিকিৎসালয়ৰ সন্মুখত থকা দুখনকৈ চাহৰ দোকানত ৷ পলাতক অৱস্থাত থকা চাহ দোকানী জাহান উদ্দিনে কুপন বিক্ৰীৰ কথা নিজ মুখে স্বীকাৰ কৰিছিল ৷

লগতে শিক্ষকগৰাকীয়ে চাহ দোকানীক দৈনিক 20-30 খনকৈ কুপন বিক্ৰী কৰিবলৈ দিয়া বুলি সাংবাদিকৰ আগত জানিবলৈ দিছিল ৷

লগতে পঢ়ক: কাকপথাৰত অৰুণাচলী সুৰাসহ চুলাই বনোৱা পাছ নষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.