ETV Bharat / state

Shortage of fertilizers: কলগাছিয়াত খেতি নষ্ট হোৱাত হতাশগ্ৰস্ত কৃষকৰ আত্মহত্য়াৰ ভাবুকি

author img

By

Published : Jan 24, 2023, 4:53 PM IST

Shortage of Urea fertilizer in Kalgasia
সাৰৰ বাবে কৃষকৰ হাহাকাৰ

কলগাছিয়াত ৰাসায়নিক সাৰৰ বাবে কৃষকৰ হাহাকাৰ (Farmers scramble for fertilisers) । খেতি কৰি বিপদত পৰিছে কৃষক । দুগুণ মূল্যত ক্ৰয় কৰিব পৰা নাই সাৰ । গ্ৰাম সেৱকে খেতিয়কৰ খবৰ নোলোৱাৰ অভিযোগ । সাৰৰ মূল্য ৰোধ কৰাৰ দাবী ভুক্তভোগী কৃষকৰ ।

সাৰৰ বাবে কৃষকৰ হাহাকাৰ

জনীয়া, ২৪ জানুৱাৰী: চৰকাৰে ব্য়ৱস্থা গ্ৰহণ কৰাৰ পিচতো ৰাজ্যত ইউৰিয়া সাৰৰ ব্যাপক নাটনি হৈয়ে আছে (Shortage of fertilizers in Assam) । বিভিন্ন জিলাত ইউৰিয়া সাৰৰ ব্যাপক নাটনি চলি থকাৰ মাজতে একাংশ অসাধু ব্যৱসায়ীয়ে চলাই আহিছে ইউৰিয়া সাৰৰ ক’লা বেহা (Smuggling of Urea fertilizer in Assam) । ৰাজ্যত বগা ইউৰিয়া সাৰৰ ক’লা বজাৰ চলিছে বুলি অভিযোগ উত্থাপিত হৈছে । ইউৰিয়া সাৰৰ নিৰ্ধাৰিত দামতকৈ অধিক মূল্য হোৱা বাবে সাৰ ক্ৰয় কৰিব নোৱাৰি ক্ষুব্ধ হৈ পৰিছে দৰিদ্ৰ কৃষকসকল । ক্ষুব্ধ কৃষকে কৃষি বিভাগক অভিযোগ উত্থাপন কৰি আহিছে যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বিভাগটোৱে ৷

বৰপেটা জিলাত সম্প্ৰতি তীব্ৰ নাটনি হৈছে ইউৰিয়া সাৰৰ (Shortage of Urea fertilizer in Kalgasia)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জিলাখনৰ বৃহত্তৰ কলগাছিয়া অঞ্চলত ইউৰিয়া সাৰৰ নাটনিৰ বাবে কৃষকে বিপদত পৰিছে । কলগাছিয়াত সাৰৰ নাটনি আৰু আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ কৃষকক। সাৰৰ অভাৱত মৰহি যাবলৈ ধৰিছে মাকৈ খেতি । ইপিনে, সঁৰিয়হ,মচুৰ,মাহ আদি বিভিন্ন খেতি নষ্ট হ'বলৈ ধৰাত কৃষকৰ মাজত হাহাকাৰ লাগিছে ।

অত্যাধিক মূল্যত সাৰ ক্ৰয় কৰিব নোৱাৰাত বিপদত পৰিছে দুখীয়া কৃষকসকল । তেওঁলোকে কয় যে সাৰ ক্ৰয় কৰিবলৈ গ'লেই ব্য়ৱসায়ীয়ে বিভিন্ন অজুহাত দেখুৱাই নিৰাশ কৰি পঠিয়াই দিয়ে । আনহাতে, তেওঁলোকে একমাত্ৰ খেতিৰ ওপৰতেই নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে লৰা-ছোৱালীক পঢ়ুৱাই আছে যদিও খেতি নষ্ট হোৱাত এতিয়া তেওঁলোকে হতাশাৰ মাজেদি দিন অতিবাহিত কৰিবলগীয়া হৈছে (Crops damaged in Kalgasia at Barpeta)। খেতিৰ এনে দুৰৱস্থা হৈ থাকিলে লৰা-ছোৱালীয়ে আধাতে শিক্ষা সমাপ্ত কৰিব লাগিব বুলি হতাশগ্ৰস্ত কৃষকসকলে কয় । আনকি উপায় নাপালে বিহপান কৰি আত্মহত্যা কৰিব লাগিব বুলিও একাংশ কৃষকে ক্ষোভেৰে কয় ।

সম্প্ৰতি বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া, বালাৰপাথাৰ, বামুনটাৰী, বালিকুৰি, ডিমাপুৰত দুখীয়া কৃষকে বিভিন্ন খেতি কৰি বিপদত পৰিছে । ইয়াৰ পিছতো গ্ৰামসেৱকে তেওঁলোকৰ কোনো খবৰ নোলোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী কৃষকে । কৃষকৰ চকুৰ সন্মুখতেই মৰহি যাব ধৰিছে মাকৈ, মচুৰ,মাহ আৰু সঁৰিয়হ । কৃষকসকলে অতি শীঘ্ৰেই ৰাসায়নিক সাৰৰ মূল্য ৰোধ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক:State BJP Executive : লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ লক্ষ্যৰে মৰিগাঁৱত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.