ETV Bharat / state

Congress Bharat Jodo Yatra: সংখ্যালঘু অঞ্চলতহে কংগ্ৰেছৰ স্থিতি আছে: শ্বেৰমান

author img

By

Published : Nov 11, 2022, 12:26 PM IST

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা সম্পূৰ্ণৰূপে বিফল (Congress Bharat Jodo Yatra)৷ভূপেন বৰাৰ দুঃসাহস দেখি আশ্বৰ্য প্ৰকাশ শ্বেৰমান আলী আহমেদৰ ৷ সংখ্যালঘু অঞ্চলৰ মানুহে যে ভূপেন বৰাক শিলগুটি মৰা নাই , সংখ্যালঘু মানুহৰ ধৈৰ্য দেখি তেওঁলোকক ধন্যবাদ জনাইছো ৷

Sherman Ali Ahmed  on Bharat jodo yatra
Congress Bharat Jodo Yatra: সংখ্যালঘু অঞ্চলতহে কংগ্ৰেছৰ স্থিতি আছে- শ্বেৰমান আলী আহমেদ

বৰপেটা, 11 নৱেম্বৰ: "কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা সম্পূৰ্ণৰূপে বিফল (Congress Bharat Jodo Yatra)৷ কংগ্ৰেছৰ দিনত মই 80 হাজাৰ ভোট লাভ কৰিছিলো ৷ এই যাত্ৰাত অন্ততঃ 8 হাজাৰ লোক হ’লেও মই ক’লোহেতেন এই যাত্ৰাটো সফল হৈছে ৷ ইমানকেইজন বিধায়ক, সাংসদ অহাৰ পিছতো মানুহৰ উপস্থিতি মাত্ৰ 500 ৰ পৰা 1000 ৷ সেইকেইজন মানুহ সাধাৰণতে বজাৰত থাকেই৷অসমত চৰকাৰ আছে বিজেপিৰ ৷

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা সম্পূৰ্ণৰূপে বিফল: শ্বেৰমান আলী আহমেদ

বিজেপিক খেদিবলৈ হ’লে তেওঁলোকে বিজেপিৰ অধ্যুষিত অঞ্চলসমূহতহে মিটিং কৰিব লাগে ৷ কিন্তু তেওঁলোকে সংখ্যালঘু এলেকা ধুবুৰীৰ পৰাহে এই যাত্ৰাৰ আৰম্ভ কৰিছে ৷ উজনি অসমত কংগ্ৰেছৰ কোনো স্থিতি নাই ৷ এই গোটেই যাত্ৰাটো হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি অনুসৰি চলি আছে ৷ কংগ্ৰেছে সংখ্যালঘুসকলৰ ভোট বিভাজন কৰি বিজেপিক লাভান্বিত কৰিব বিচাৰিছে ৷ ভূপেন বৰাহে প্ৰকৃততে বিজেপিৰ এজেণ্ট ৷ ভূপেন বৰাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ অদৃশ্য শক্তি আছে ৷" 1 নৱেম্বৰৰ পৰা চলি থকা ভাৰত জোড়ো যাত্ৰাৰ বিপক্ষে এই মন্তব্য কৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে (Sherman Ali Ahmed on Bharat jodo yatra)৷

লগতে তেওঁ ভূপেন বৰাক কটাক্ষ কৰি কয়- "মই উচিত কথা কওঁ , সঁচা কথা কওঁ কাৰণে মোৰ পিছত ভূপেন বৰাই উঠিপৰি লাগিছে৷ পূৰ্বতে কংগ্ৰেছে সংখ্যালঘু কৰাৰ উদাহৰণ বহুতো আছে ৷ সেইকাৰণে মই সংখ্যালঘু লোকসকলক সতৰ্ক কৰি দি আছো ৷ মোৰ মূৰৰ ওপৰত হিমন্তৰ আশীৰ্বাদ আছে কাৰণেই মই দুমাহ কাৰাগাৰত থাকি আহিলোগৈ ৷ কিন্তু ভূপেন বৰা কাৰাগাৰলৈ যোৱা নাই, কংগ্ৰেছৰ বেলেগ বিধায়ক কাৰাগাৰলৈ যোৱা নাই ৷"

ভূপেন বৰাৰ দুঃসাহস দেখি আশ্বৰ্য প্ৰকাশ কৰে শ্বেৰমান আলী আহমেদে ৷ "সংখ্যালঘু অঞ্চলৰ মানুহে যে ভূপেন বৰাক শিলগুটি মৰা নাই , সংখ্যালঘু মানুহৰ ধৈৰ্য দেখি তেওঁলোকক চাব্বাচি দিছো, ধন্যবাদ জনাইছো ৷ সংখ্যালঘু মানুহ যথেষ্ঠ সংযমী হৈ চলি আছে ৷ ভূপেন বৰাহঁতৰ দৰে অভদ্ৰামি নকৰে ৷ ভাৰত জোড়ো যাত্ৰাত সংখ্যালঘু লোকৰ অসহোগিতাই তাৰ প্ৰত্যুত্তৰ দিছে ৷" এইদৰে কটাক্ষ কৰে বিতৰ্কিত বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: Congress Bharat Jodo Yatra: জনীয়াত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত ভূপেন বৰাৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.