ETV Bharat / state

মন্দিয়াৰ প্ৰাথমিক বিদ্যালয়ত অনিয়মৰ অভিযোগ

author img

By

Published : May 22, 2019, 11:28 PM IST

বৰপেটাৰ মন্দিয়া শিক্ষাখণ্ডৰ 926 নং মহম্মদপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেবেন দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুত্বপূৰ্ণ অভিযোগ ৷ উল্লেখ্য যে, ৰমজান মাহৰ পবিত্ৰ ৰোজা চলি থকাৰ অচিলাৰে প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয় খনত বন্ধ ৰাখিছে ছাত্ৰ-ছাত্ৰী সকলৰ মধ্যাহ্ন ভোজন ৷

মন্দিয়া প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়ম

জনীয়া, 22 মে': মন্দিয়া প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়ম সংঘটিত ৷ বিদালয় খনৰ প্ৰধান শিক্ষক জনৰ অনিয়মীয়া উপস্থিতিয়ে সৃষ্টি কৰিছে ব্যাপক অৰাজকতা ৷ বৰপেটাৰ মন্দিয়া শিক্ষাখণ্ডৰ 926 নং মহম্মদপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেবেন দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুত্বপূৰ্ণ অভিযোগ ৷ উল্লেখ্য যে ৰমজান মাহৰ পবিত্ৰ ৰোজা চলি থকাৰ অচিলাৰে প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয় খনত বন্ধ ৰাখিছে ছাত্ৰ-ছাত্ৰী সকলৰ মধ্যাহ্ন ভোজন ৷ প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে নীতি বহিৰ্ভূতভাৱে এই ব্যৱস্থা বন্ধ ৰাখি মধ্যাহ্ন ভোজনৰ নামত আবন্টিত চাউল আৰু চৰকাৰী ধন আত্মসাৎ কৰাৰ লগতে বিদ্যালয়ত অনিয়মীয়াকৈ উপস্থিত থকাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উক্ত বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰী নিয়মিতভাৱে আহে যদিও বিদ্যালয়খনত 6 জনকৈ শিক্ষক থকা সত্বেও দৈনিক উপস্থিত থাকে মাত্ৰ দুইৰ পৰা তিনিজনকৈ শিক্ষক ৷

মন্দিয়া প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়ম

যাৰ ফলত নিতৌ দিনৰ এঘাৰ বজাতেই শ্ৰেণীকোঠাৰ পৰিৱৰ্তে বিদ্যালয় চৌহদত খেলি থকা দেখা যায় ছাত্ৰ-ছাত্ৰী সকলক ৷ প্ৰধান শিক্ষক দেবেন দাসে নিজৰ ইচ্ছা অনুযায়ীয়েই দিনৰ বাৰ বজাতে বিদ্যালয় ছুটী দিয়া পৰিলক্ষিত হৈছে ৷ ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগত প্ৰাথমিক বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ৷

Intro:slug: as_jania_22may_irregular_teacher_vis3+byt4+pho2_story_asc10058


জনীয়া, ২২ মে: মন্দিয়া প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত চলিছে ৰমজান আজাদি। অনিয়মীয়া উপস্থিতি প্ৰধান শিক্ষক দেবেন দাস।Body:slug: as_jania_22may_irregular_teacher_vis3+byt4+pho2_story_asc10058

বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ ৯২৬ নং মহম্মদপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেবেন দাসৰ বিৰুদ্ধে বহু গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে। সমগ্ৰ দেশতে ইছলাম ধৰ্মী লোকসকলে পালন কৰিবলৈ লৈছে ৰমজান মাহৰ পবিত্ৰ ৰোজা। এই মাহঁতেই পুন্যৰ কাম কৰিব পিছে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৯২৬ নং মহম্মদপুৰ প্ৰাথমিক বিদ্যালয়ত ৰমজান মাহৰ বাবেই বন্ধ কৰিছে মিড ডে মিল। কণ কণ ছাত্র-ছাত্ৰীৰ মুখৰ পৰা দুপৰীয়া খাদ্য কাঢ়ি লোৱাটো পুন্যৰ কাম হবনে? প্ৰধান শিক্ষক দেবেন দাস মধ্যাহ্ন ভোজনৰ চাউল আৰু টকা আত্মসাৎ কৰা অভিযোগৰ লগতে অনিয়মীয়াকৈ উপস্থিত থকাৰো অভিযোগ উত্থাপিত হৈছে। উক্ত বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰী নিয়মিতভাৱে আহে যদিও বিদ্যালয়খনত ৬ জনকৈ শিক্ষক থকা সত্বেও উপস্থিত থাকে ২ পৰা ৩ জন। যাৰ ফলত নিতৌ দিনৰ ১১ বজাতো শ্ৰেণীকোঠাৰ পৰিৱৰ্তে বিদ্যালয় চৌহদত ছাত্ৰ ছাত্ৰী সকলে খেলি থাকে আৰু সদায় ১২ টাৰ পাছত ছুটি দিয়ে। প্ৰধান শিক্ষক দেবেন দাসে নিজৰ ইচ্ছা অনুযায়ীহে চলাই আছে স্কুলখন।Conclusion:slug: as_jania_22may_irregular_teacher_vis3+byt4+pho2_story_asc10058

বাইট: স্কুলৰ ছাত্র, শিক্ষক।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.