ETV Bharat / state

সৰ্থেবাৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ

author img

By

Published : Jun 24, 2020, 7:10 PM IST

বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰ্থেবাৰীৰ নতুন বজাৰত মৃতদেহ উদ্ধাৰ ৷ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

sarthabari  drown death body rescue dhanjeet das
সৰ্থেবাৰীত ৰহস্যজনক অবস্থাত মৃতদেহ উদ্ধাৰ

বৰপেটা,২৪জুনঃ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰ্থেবাৰীৰ নতুন বজাৰৰ এটা পুখুৰীত উপঙি থকা যুৱকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ ৷ তিনিদিন ধৰি সন্ধানহীন হৈ আছিল প্ৰয়াত শশী দাসৰ পুত্ৰ ধনজিৎ দাস । ধজিৎ দাস(৪৭)ৰ মৃতদেহ বুধবাৰে সৰ্থেবাৰী নতুন বজাৰৰ ওচৰৰ তেওঁৰ নিজা বাসভৱনৰ পিছফালৰ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় । প্ৰথমঅৱস্থাত এজন বেংক কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰা মৃতদেহতো পাছত পৰিয়ালৰ লোকে ধনজিৎ দাস বুলি নিশ্চিত কৰে।

সৰ্থেবাৰীত ৰহস্যজনক অবস্থাত মৃতদেহ উদ্ধাৰ
উল্লেখ্যযোগ্য যে, দীৰ্ঘদিন ধৰি প্ৰয়াত ধনজিৎ দাসে পাৰিবাৰিক সংঘাতৰ ফলত অকলশৰীয়াকৈ জীৱন অতিবাহিত কৰি আছিল । তেওঁৰ মৃতদেহ এনেদৰে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ চিনাক্ত কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।লগতে পঢকঃ সাতমাইলৰ এটা কুঁৱাত নাহৰফুটুকী পৰাৰ সন্দেহঃ অব্যাহত উদ্ধাৰ অভিযান
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.