ETV Bharat / state

কলগাছিয়াত খহনীয়াৰ কালৰূপ

author img

By

Published : Apr 30, 2022, 6:19 PM IST

বাৰিষাৰ আৰম্ভণিতেই কলগাছিয়াত ভয়ংকৰ গৰাখহনীয়া । এটা নিশাতেই বেকী নৈৰ খহনীয়াই কাঢ়ি নিলে দুটাকৈ পৰিয়ালৰ সপোনৰ ঘৰ (2 houses destroyed in erosion) । ৫ টা পৰিয়াললৈ নামিছে অশানি সংকেট ।

terrible-form-of-erosion-in-kalgachia
কলগাছিয়াত খহনীয়াৰ কালৰূপ

কলগাছিয়া,৩০ এপ্ৰিল: বেকী নৈৰ খহনীয়াই ক্ৰমাৎ কালৰূপ ধাৰণ কৰিছে কলগাছিয়াত(Terrible form of erosion in Kalgachia) । তীব্ৰ খহনীয়াৰ ফলত সৰ্বস্বান্ত সাধাৰণ ৰাইজ । একে নিশাতেই দুটাকৈ পৰিয়ালৰ বাসগৃহ জাহ গ'ল বেকী নৈৰ বুকুত(2 houses destroyed in erosion) । ৫ টাকৈ পৰিয়ালে কটাইছে বিনিদ্ৰ ৰজনী ।

কলগাছিয়াত খহনীয়াৰ কালৰূপ

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওপুৰ গাঁৱত বাৰিষাৰ প্ৰাকঃক্ষণতেই বেকী নদীৰ গৰাখহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে । শুকুৰবাৰে বিয়লিৰ পৰা নিশাৰ ভিতৰত আব্দুল জলিল নামৰ লোকজনৰ বাস গৃহৰ দুটাকৈ ঘৰ নদীৰ বুকুত জাহ যায় । ইয়াৰ পাছতেই অনিশ্চিত ভৱিষ্যতকলৈ শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

ইয়াৰ উপৰি ৫টাকৈ পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । যাৰ ফলত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে পাঁচোটি পৰিয়ালে । ইফালে ঘৰ-ভেটি হেৰুৱাই মুৰে-কঁপালে হাত দিছে আব্দুল জলিলৰ পৰিয়ালে ।

খহনীয়াত সৰ্বস্বান্ত হোৱা আব্দুল জলিলৰ এতিয়া নাজল-নাতল অৱস্থা । কিয়নো পুনৰ ঘৰ বান্ধিবলৈ আব্দুলৰ নাই এডৰাও মাটি । ইফালে বিভিন্ন ৰোগত আক্ৰান্ত আব্দুলৰ পত্নীৰ চিকিৎসাৰ বাবেও নাই পৰ্যাপ্ত ধন । এনে পৰিস্থিতিত চৰকাৰ আৰু ৰাইজৰ সহায় নাপালে বেকীৰ বুকুতে আত্মজাহ দিয়াৰ পৰিস্থিতি আহি পৰাৰ কথা উল্লেখ কৰে আব্দুলে ।

উল্লেখযোগ্য যে, যোৱাবেলি বাৰিষাত বেকী নদীৰ গৰাখহনীয়াৰ ফলত কাউৰজাহী, বলাইপাথাৰ, খাৰবাল্লী, আমগুৰী, সুতিৰপাথাৰ আৰু শওপুৰৰ এটা অংশত গৃহহীন হৈছিল শ শ পৰিয়াল । লগতে জাহ গৈছিল অভয়াপুৰীৰ পৰা বৰপেটা হৈ আমিনগাওলৈ যোৱা দ্বিতীয় ৰাজ্যিক ঘাইপথৰ এটা অংশ ।

কিন্তু ইমানৰ পাছতো চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে । খৰালিৰ দীৰ্ঘ সময়চোৱাতো কোনো পদক্ষেপ হাতত নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

স্থানীয় ৰাইজৰ আহ্বান যে পিপু সিশো নীতি পৰিহাৰ কৰি অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে ক্ষীপ্ৰ গতিত কাম হাতত লওক চৰকাৰ তথা জনপ্ৰতিনিধিয়ে । নহ'লে কলগাছিয়াৰ এক বিস্তীৰ্ণ অঞ্চল জাহ যাব বেকী নৈৰ বুকুত ।

লগতে পঢ়ক: ধুবুৰী আৰক্ষীৰ জালত সন্দেহজনক তিনি কেএলঅ’ৰ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.