ETV Bharat / state

গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Sep 10, 2020, 5:37 PM IST

বেঁকী নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ আৰু পুনৰ সংস্থাপনৰ দাবীত নদীৰ পাৰত ৰাইজৰ প্ৰতিবাদ ৷

Public Protest for Erosion at beki river
গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ

জনীয়া,10ছেপ্তেম্বৰঃ বৃহস্পতিবাৰে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবড়ীৰ জয়পুৰত বেঁকী নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ আৰু পুনৰ সংস্থাপনৰ দাবীত নদীৰ পাৰত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ ফলত শ শ মানুহৰ ঘৰ,মাটি-ভেটি জাঁহ যোৱাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে।

গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ

সম্প্ৰতি জয়পুৰ নৱনূৰ হাই মাদ্ৰাছা,জয়পুৰ প্ৰাথমিক বিদ্যালয়,জয়পুৰ বজাৰ আদিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। অতি শীঘ্ৰেই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ প্ৰতিবাদকাৰী সকলে দাবী জনাইছে। জয়পুৰত বেঁকী নদীৰ পাৰত বৃহস্পতিবাৰে ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰতিবাদ কাৰী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাৰ কৰি তুলে ৷

লগতে পঢ়কঃ হোজাইত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.