ETV Bharat / state

বান সাহায্য বিচাৰি কাঁহী-বাতি লৈ প্ৰতিবাদ

author img

By

Published : Jun 27, 2022, 11:33 AM IST

protest seeking flood relief in jania
বান সাহায্য বিচাৰি কাঁহী-বাতি লৈ প্ৰতিবাদ

বলিয়া বানে তচনচ কৰি থৈ গ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্ত(Flood in Assam 2022) । বানৰ পাছতেই নৈ-উপনৈয়ে লৈছে কালৰূপ । চপৰা-চপৰে খহিছে নৈৰ গৰা(Flood and erosion in Jania) । ঘৰবাৰী হেৰুৱাই সৰ্বস্বান্ত হোৱা বন্যাৰ্তই ভুগিছে তীব্ৰ খাদ্য সংকটত । বিভিন্ন প্ৰান্তৰ লগতে জনীয়া সমষ্টিৰ গোবিন্দপুৰতো বান সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । সেয়ে বান সাহায্য বিচাৰি কাঁহী-বাতি লৈ প্ৰতিবাদত নামিল বন্যাৰ্ত ।

জনীয়া,২৭ জুন: ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানত নাাজল-নাথল অৱস্থা বানাক্ৰান্ত ৰাইজৰ(Flood in Assam 2022) । বান পৰিস্থিতি কিছু শাম কটাৰ পাছত নৈ-উপনৈয়ে লৈছে কালৰূপ । ভয়ংকৰ গৰাখহনীয়াৰ কৱলত পৰিছে বিভিন্ন প্ৰান্তৰ ৰাইজ । সৰ্বস্ব হেৰুৱাই নিথৰুৱা হোৱা বানাক্ৰান্তই ভুগিছে তীব্ৰ খাদ্য সংকটত । ইফালে বান সাহায্য নোপোৱাৰো অভিযোগ উত্থাপন কৰিছে বানত আক্ৰান্ত ৰাইজে ।

বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে জনীয়া সমষ্টিৰ গোবিন্দপুৰতো দেখা গৈছে একেই পৰিস্থিতি ৷ বানপানীৰ পিছতেই সংসাৰী ৰূপ লৈছে ভেলেংগী নদী বিধ্বংসী গৰাখহনীয়াই(Flood and erosion in Jania) । ১৫ টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ জাহ গৈছে নৈৰ বুকুত । ইফালে চৰকাৰী বানসাহায্যৰ পৰা প্ৰায় অৰ্ধ শতাধিক পৰিয়াল বঞ্চিত হোৱাৰো অভিযোগ উত্থাপন হৈছে । বানসাহায্য় নোপোৱাৰ অভিযোগত হাতে হাতে কাঁহী-বাতি লৈ প্ৰতিবাদত নামিল বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজ ।

বান সাহায্য বিচাৰি কাঁহী-বাতি লৈ প্ৰতিবাদ

জানিব পৰা মতে, বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোবিন্দপুৰ গাঁৱত ভেলেংগী নদীৰ বিধ্বংসী গৰাখহনীয়াত গাঁওখনৰ প্ৰায় পোন্ধৰটাকৈ পৰিয়ালৰ মাটি-ভেটি নৈৰ বুকুত জাহ গৈছে । গাঁওখনৰ প্ৰায় পোন্ধৰটা পৰিয়ালৰ ঘৰ-ভেটি সম্পূৰ্ণ ৰূপে ভেলংগী নদীৰ বুকুত জাহ যোৱাৰ ফলত দিশহাৰা হৈ পৰিছে পৰিয়াল সমূহ । কিন্তু তাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি সকলে ভুক্তভোগীৰ খবৰ লবলৈ আহৰি নোপোৱাত ক্ষুদ্ধ হৈ পৰিছে ৰাইজে ।

উল্লেখযোগ্য যে, চৰকাৰে অন্যান্য অঞ্চলত বান সাহায্যৰ ব্যৱস্থা কৰিছে যদিও গোবিন্দপুৰ, কৈমাৰী গাঁৱৰ নৈপৰীয়া প্ৰায় অৰ্ধশতাধিক পৰিয়ালে চৰকাৰী সাহাৰ্য্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকেও খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে । শীঘ্ৰে বিভাগীয় কতৃপক্ষৰ পৰা চৰকাৰী সাহায্য় প্ৰদান কৰাৰ লগতে ভেলেংগী নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ দাবীত হাতে হাতে কাঁহী-বাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰে ভূক্তভোগী ৰাইজে ।

লগতে পঢ়ক: ডিফুত প্ৰায় পোন্ধৰ লাখ টকাৰ হেৰ’ইন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.