ETV Bharat / state

PMAY Scam : প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ লাভৰ পৰা বঞ্চিত 128, অভিযোগৰ আঙুলি খণ্ড উন্নয়ন বিষয়ালৈ

author img

By

Published : Aug 4, 2023, 2:07 PM IST

জনীয়া সমষ্টিৰ মাদুলিঝাৰ গাঁও পঞ্চায়তৰ 128 গৰাকী হিতাধিকাৰীৰ নাম কৰ্তন প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ আঁচনিৰ পৰা । খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে বঞ্চিত হিতাধিকাৰীৰ তীব্ৰ প্ৰতিবাদ । আইনৰ কাষ চপাৰ হুংকাৰ ।

PMAY Scam in Barpeta
প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ লাভৰ পৰা বঞ্চিত

প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ লাভৰ পৰা বঞ্চিত

জনীয়া, 4 আগষ্ট: যি সময়ত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিগৰাকী দুখীয়া নাগৰিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে তেনে সময়তে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ চকচকা উন্নয়ন খণ্ডৰ অন্তৰ্গত মাদুলিঝাৰ গাঁও পঞ্চায়তৰ 128 গৰাকী হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰা কাৰ্যই হতভম্ব কৰি তুলিছে হিতাধিকাৰীসকলক । ইয়াকে লৈ শতাধিক পুৰুষ-মহিলা হিতাধিকাৰীয়ে শুকুৰবাৰে সৰু হৰিদ বজাৰত একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীয়ে খণ্ড উন্নয়ন বিষয়া মূৰ্দাবাদ, হিতাধিকাৰীৰ নাম কৰ্তন কৰা নচলিব, আমাক ঘৰ লাগিবই আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

চকচকা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত হিতাধিকাৰীসকলে যাৱতীয় নথি-পত্ৰ জমা দিয়াৰ পাছতো কি কাৰণত খণ্ড উন্নয়ন বিষয়া বিপুল ডেকাই হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে । হিতাধিকাৰীসকলৰ নাম বাহাল ৰাখি শীঘ্ৰেই গৃহ নিৰ্মাণৰ বাবে ধন আৱন্টন দিয়াৰ দাবী জনাইছে বঞ্চিত হিতাধিকাৰীসকলে । অন্যথাই চকচকা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বিপুল ডেকাৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ওপৰিও আইনৰ কাষ চপাৰ ভাবুকি প্ৰদান কৰিছে প্ৰতিবাদকাৰী তথা বঞ্চিত হিতাধিকাৰীসকলে ।

উল্লেখ্য যে, বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গে বঞ্চিত বৈধ হিতাধিকাৰীসকলক গৃহ আৱন্টন দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে, যদিও কোনো কাণষাৰ দিয়া পৰিলক্ষিত হোৱা নাই খণ্ড উন্নয়ন বিষয়া বিপুল ডেকাই । পৰৱৰ্তী সময়ত চকচকা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে জিলা উপায়ুক্তগৰাকীয়ে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষনীয় বিষয় ।

লগতে পঢ়ক : Social activist Mukut Chandra Bhuyan: সমাজ সেৱক মুকুট ভূঞাৰ মৃত্যুত শোক প্ৰকাশ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.